1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:27 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

যোৰহাটত দিনৰ পোহৰতে ডকাইতিৰ দুটা পৃথক কাণ্ড

  • Update Time : Tuesday, February 27, 2024

যোৰহাটত দিনৰ পোহৰতে ডকাইতিৰ দুটা পৃথক কাণ্ড। লাখ লাখ টকা লৈ পলায়ন ডকাইতৰ। জিলা আৰক্ষী অধীক্ষক শ্বেতংক মিশ্ৰই নতুনকৈ দায়িত্ব লোৱাৰ লগে লগে যেন সক্ৰিয় হৈ পৰিছে ডকাইত। আৰক্ষীক যেন জনাইছে মুকলিকৈ প্ৰত্যাহ্বান। দুটাকৈ ডকাইতি কাণ্ডই জোঁকাৰি গৈছে যোৰহাট চহৰ। প্ৰথমটো ঘটনা সংঘটিত হ’ল বাহবাৰীৰ এখন হোটেলত আৰু আনটো ঘটনা সংঘটিত হৈছিল জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত। জানিব পৰা মতে ৰহমান ৰোডত অৱস্থিত এখন হোটেলত সংঘটিত হ’ল প্ৰথমটো ঘটনা। পইচা ভৰ্তি বেগ এটা লৈ পলাই গ’ল ডকাইত। চিচিটিভিত বন্দী হ’ল এই ঘটনা। ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ দলটোৱে ডকাইতৰ সন্ধানত অভিযান আৰম্ভ কৰে। আনহাতে দিনৰ প্ৰায় ১ বজাত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত আন এক ডকাইতিৰ ঘটনা সংঘটিত হয়। বাঁহফলাৰ ভূপেন পেগু নামৰ এজন ব্যক্তিৰ লগত ঘটিল এই ঘটনা। ভুক্তভোগীয়ে জনোৱা মতে, প্ৰায় এক বজাত তেওঁ SBIৰ মূল কাৰ্যালয়ৰ পৰা ২.১০ লাখ টকা লৈ জিলা কংগ্ৰেছ ভৱনৰ তলত ৰখাই থোৱা মটৰ চাইকেলখনত থয়গৈ। তেনে সময়তে ডকাইতে লুটি নিয়ে টকা ভৰ্তি বেগটো। লগে লগে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ দলটোৱে তদন্ত আৰম্ভ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme