1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 24, 2025, 8:24 pm
Trending:
যেতিয়া কাশ্মীৰৰ ৩০০ৰো অধিক হিন্দু পুৰুষ-মহিলাক ধৰ্মৰ পৰিচয় সুধি সুধি কৰা হৈছিল হত্যা…. Beep beep Kasyno – Twoje najlepsze miejsce do kasyna i doskonałości bukmacherskiej Wazamba – Ο κορυφαίος προορισμός σας για καζίνο και αριστεία στοιχημάτων অতিমাত্ৰাত বৃদ্ধি পাইছে সোণৰ মূল্য বৃদ্ধি হ’ব সন্মান লাভ কৰিব সু-সংবাদ, মাত্ৰ তিনিটা দিনৰ ভিতৰতে ভাগ্য উজ্জ্বলিব এই ৰাশিৰ লোকৰ Требования регистрации в онлайн казино с плюшками Каким образом взять бесплатные спины в виртуальном казино с бонусами অতি সহজ উপায়েৰে দেৱ-দেৱীসকলক কৰক সন্তুষ্ট, জানি লওঁক এইকেইটা বিশেষ নিয়ম বতাহৰ দিনত শুকান হৈ পৰা আপোনাৰ চুলিখিনি কিদৰে ৰক্ষা কৰিব জানি লওঁক ইয়াৰ টিপছ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ তথা নিজৰ শৰীৰটোক ফিট কৰি ৰাখিবলৈ গ্ৰহণ কৰক এই বিশেষ তিনিবিধ পানীয়

যেতিয়া কাশ্মীৰৰ ৩০০ৰো অধিক হিন্দু পুৰুষ-মহিলাক ধৰ্মৰ পৰিচয় সুধি সুধি কৰা হৈছিল হত্যা….

  • Update Time : Thursday, April 24, 2025

কাৰেণ্ট ট্ৰেণ্ড অসম ডেস্কঃ সেয়া ১৯৯০ চনৰ কথা যেতিয়া সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-ইছলামে পুলৱামাৰ বহু ঠাইত পোষ্টাৰ লগাইছিল। য’ত কোৱা হৈছিল যে কাশ্মীৰি পণ্ডিতসকলে হয় কাশ্মীৰ উপত্যকা এৰি যাব লাগিব নহয় মৃত্যুৰ বাবে সাজু হ’ব লাগিব। আপোনালোকক জনাওঁ যে ১৯৯০ চনত কাশ্মীৰত সশস্ত্ৰ আন্দোলন আৰম্ভ হোৱাৰ পৰাই লাখ লাখ কাশ্মীৰি পণ্ডিতে ঘৰ-বাৰী এৰি কাশ্মীৰ উপত্যাকাৰ পৰা পলায়ন কৰিছিল আৰু সেই সময়ত সংঘটিত হোৱা গণহত্যাত শ শ হিন্দু কাশ্মীৰি পণ্ডিত নিহত হৈছিল। সেইসময়ত কাশ্মীৰি পণ্ডিতসকলৰ ওপৰত চলা নিৰ্যাতন অমানুষিক আছিল৷ কাশ্মীৰত হিন্দুৰ বিৰুদ্ধে চলি থকা অত্যাচাৰৰ ধাৰাবাহিকতা আৰম্ভ কৰিছিল ১৯৮৯ চনত জেহাদৰ বাবে গঠন হোৱা জামাত-ই-ইছলামীয়ে। যিয়ে কাশ্মীৰত ইছলামিক ড্ৰেছ কোড কাৰ্যকৰী কৰিছিল। জামাত-ই-ইছলামীৰ শ্লোগান আছিল আমি সকলো এক, তুমি দৌৰা নহয় মৰা। ইয়াৰ পিছতেই কাশ্মীৰি পণ্ডিতসকলে কাশ্মীৰ উপত্যকা ত্যাগ কৰিবলৈ বাধ্য হৈছিল। কোটি কোটি টকাৰ নিজৰ পূৰ্বপুৰুষৰ সম্পত্তি এৰি কাশ্মীৰি পণ্ডিতসকলে শৰণাৰ্থী শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছিল।

৩০০ৰো অধিক হিন্দু পুৰুষ-মহিলাক বৰ্বতাৰে কৰা হৈছিল হত্যা

কাশ্মীৰ উপত্যকাত কাশ্মীৰী পণ্ডিতৰ বেয়া দিন আৰম্ভ হৈছিল ১৯৮৯ চনৰ ১৪ ছেপ্টেম্বৰৰ পৰা। এই সময়তে ন্যায়াধীশ নীল কান্ত গঞ্জোকো গুলীয়াই হত্যা কৰা হৈছিল। সেই সময়ৰ বেছিভাগ হিন্দু নেতাক হত্যা কৰা হৈছিল। ইয়াৰ পিছত ৩০০ৰো অধিক হিন্দু মহিলা আৰু পুৰুষক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল।ৰাজহুৱাস্থানত বহু হিন্দু জীয়ৰী-বোৱাৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল৷ এগৰাকী কাশ্মীৰি পণ্ডিত নাৰ্ছক সন্ত্ৰাসবাদীয়ে দলবদ্ধ ধৰ্ষণ কৰাৰ পিছতেই পিটি পিটি হত্যা কৰিছিল৷ উপত্যকাটোৰ বহু কাশ্মীৰি পণ্ডিতৰ বসতিস্থলত সংঘটিত হৈছিল গণ ধৰ্ষণ আৰু অপহৰণৰ দৰে ঘটনা। সেইসময়ত স্থানীয় উৰ্দু কাকত এখনে হিজবুল মুজাহিদীনৰ প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি কৈছিল যে- ‘সকলো হিন্দুৱে নিজৰ সা-সম্পত্তি এৰি কাশ্মীৰ এৰি যাব লাগে’। কাশ্মীৰৰ মছজিদসমূহৰ মাইকত ভাৰত বিৰোধী আৰু হিন্দু বিৰোধী ভাষণ দিয়া আৰম্ভ হৈছিল। সকলো কাশ্মীৰিকে ইছলামিক ড্ৰেছ কোড গ্ৰহণ কৰিবলৈ কোৱা হৈছিল।

হয় মুছলমান হওক নহয় কাশ্মীৰ এৰি যাওক

সেই সময়ত কাশ্মীৰী পণ্ডিতসকলৰ ঘৰৰ দুৱাৰত এখন টোকা লগোৱা হৈছিল য’ত লিখা আছিল ‘হয় মুছলমান হওঁক নহয় কাশ্মীৰ এৰি যাওঁক। পাকিস্তানৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টোৱে কাশ্মীৰী মুছলমানক ভাৰতৰ পৰা পৃথক হ’বলৈ টেলিভিছনৰ জৰিয়তে উচটনি দিবলৈ আৰম্ভ কৰিছিল। এই সকলোবোৰৰ মাজতে কাশ্মীৰৰ পণ্ডিতসকলে নিশাটোৰ ভিতৰতে সকলো এৰি যাবলৈ বাধ্য হৈছিল।

কাশ্মীৰত এতিয়ালৈ সংঘটিত হোৱা নৰসংহাৰ সমূহ

ডোডা নৰসংহাৰঃ ১৯৯৩ চনৰ ১৪ আগষ্টত এখন বাছ ৰখাই ১৫ জন হিন্দুক নিৰ্মম ভাৱে হত্যা কৰা হৈছিল

সংগ্ৰামপুৰ নৰসংহাৰঃ ২১ মাৰ্চ, ১৯৯৭: ঘৰৰ ভিতৰতে ৭ জন কাশ্মীৰী পণ্ডিতক অপহৰণ কৰি হত্যা কৰা হৈছিল।

ৱাণ্ডামা নৰসংহাৰঃ ১৯৯৮ চনৰ ২৫ জানুৱাৰীত সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে ৪টা কাশ্মীৰী পৰিয়ালৰ ২৩ জন সদস্যক গুলীয়াই হত্যা কৰে।

প্ৰাণকোটে নৰসংহাৰঃ ১৯৯৮ চনৰ ১৭ এপ্ৰিলত উধমপুৰ জিলাৰ প্ৰাণকোটে গাঁৱত ১১টা শিশুকে ধৰি কাশ্মীৰী হিন্দু পৰিয়ালৰ ২৭ জন সদস্যক হত্যা কৰা হৈছিল। এই গণহত্যাৰ পিছত পৌনী আৰু ৰিয়াচীৰ পৰা ১০০০ হিন্দু ভয়ত পলায়ন কৰিছিল।

২০০০ চনত অনন্তনাগৰ পহলগামত সন্ত্ৰাসবাদীয়ে ৩০ জন অমৰনাথ তীৰ্থযাত্ৰীক হত্যা কৰিছিল।

২০ মাৰ্চ ২০০০ চিত্তী সিংপোৰা নৰসংহাৰঃ হোলী উদযাপন কৰা ৩৬ জন শিখক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল গুৰুদ্বাৰৰ সন্মুখত।

২০০১ চনত ডোডাত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল ৬ জনকৈ নিৰীহ হিন্দুক।

২০০১ চনত জম্মু-কাশ্মীৰ ৰেলৱে ষ্টেচনৰ নৰসংহাৰঃ সেনাবাহিনীৰ বেশত সন্ত্ৰাসবাদীয়ে ৰেলৱে ষ্টেচনত গুলীচালনা কৰি ১১ জন নিৰীহক হত্যা কৰিছিল৷

২০০২ চনত জম্মুৰ ৰঘুনাথ মন্দিৰত দুবাৰকৈ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল, প্ৰথম ৩০ মাৰ্চত আৰু দ্বিতীয় ২৪ নৱেম্বৰত।এই দুটা আক্ৰমণত ১৫ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল।

২০০২ চনত অৰ্ধচম নগৰৰ নৰসংহাৰঃ এই ঘটনাত ২৯ জন হিন্দু শ্ৰমিক নিহত হৈছিল। ইয়াৰ ভিতৰত আছিল ১৩ গৰাকী মহিলা আৰু এটা শিশু।

২০০৩ চনত পুলৱামা জিলাৰ নদীমাৰ্গ গাঁৱত সংঘটিত হয় নদীমাৰ্গ হত্যাকাণ্ড।

২০১৯ চনৰ ১৪ নৱেম্বৰ পুলৱামা কাণ্ড, এই ঘটনাত শ্বহীদ হৈছিল ভাৰতীয় সেনাৰ ৪০ জনকৈ বীৰ জোৱানৰ।

২০২৫ চনৰ ২২ এপ্ৰিল, পেহেলগাম নৰসংহাৰ, এই ঘটনাত সন্ত্ৰাসবাদীয়ে প্ৰাণ লৈছিল ২৬ জনকৈ নিৰীহ পৰ্যটকক

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme