1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:19 am

যুৱতীসকল সাৱধান! বিয়াৰ পূৰ্বে কাৰোবাৰ সৈতে আছিল নেকি মিঠা মিঠা কাহিনী, ছোৱালীৰ বাবে ঘটক নহয় কাষ চাপিছে প্রাইভেট ডিটেক্টিভৰ…

  • Update Time : Thursday, June 26, 2025

CTA নিউজ ডেস্কঃ দেশজুৰি ৰাজা ৰঘুবংশীৰ লোমহৰ্ষক হত্যাকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। হনিমুনলৈ গৈ স্বামীক এগৰাকী পত্নীয়ে নৃশংসতাৰে হত্যা কৰা বিষয়টো কোনেও সহজভাৱে ল’ব পৰা নাই৷ তাৰমাজতেই আন এক খবৰ এতিয়া দেশজুৰি চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে৷ দেশত প্রাক্‌বৈবাহিক সম্পর্ক অৰ্থাৎ বিবাহৰ পূৰ্বৰ প্ৰেমিকৰ সৈতে থকা সম্পৰ্কৰ বাবে বহুতৰ সংসাৰত বিয়াৰ কেইদিনমান পিচতে আউল লগোৱাই নহয়, বৰঞ্চ হত্যাকাণ্ড সংঘটিত হোৱাৰ ঘটনা এতিয়া সুলভ। মধ্যপ্রদেশত ৰাজা ৰঘুবংশী, অন্ধ্রপ্রদেশৰ জিতেশ্বৰৰ শেহতীয়া হত্যাকাণ্ড আৰু নীলা ড্রামত প্রেমিকৰ সৈতে মিলি স্বামীৰ মৃতদেহ টুকুৰা টুকুৰ কৰি ৰখা মুস্কানৰ দৰে পাষাণী চৰিত্ৰক যুৱতীৰ বিভৎস কাহিনীয়ে দেশজুৰি সচেতন মহলক স্তম্ভিত কৰি তুলিছে। এনে সময়তে দেশত বহু পৰিয়ালে সন্তানৰ বিয়াৰ পূৰ্বে ছোৱালীৰ কাৰোবাৰ সৈতে প্রেম আছিল নেকি সেই কথা নিশ্চিত কৰিবলৈ প্রাইভেট ডিটেক্টিভ অৰ্থাৎ ব্যক্তিগত গুপ্তচৰৰ ওচৰ চাপিছে। ছোৱালী বিচাৰি ঘটক প্রতিষ্ঠানৰ ওচৰ চপাতো বহু পৰিয়ালৰ এটা পৰিচিত দৃশ্য। কিন্তু এইবাৰ দেশৰ বহুকেইখন চহৰত নিজৰ ল’ৰা সন্তানৰ বাবে ছোবালী বিচাৰোতে প্রথমতে ছোৱালীৰ বিয়াৰ পূর্বে প্রেম আছিল নেকি সেয়া নিশ্চিত কৰিবলৈ উঠিপৰি লাগিছে। ইয়াৰ বাবে প্রাইভেট ডিটেক্টিভক ২৫-৩৫ হেজাৰ টকা দিছে পৰিয়ালসমূহে। অৱশ্যে-অৱস্থানৰ ওপৰত ভিত্তি কৰি এই ধনৰ পৰিমাণ ৭০ হেজাৰ পৰ্যন্ত হৈছেগৈ। ভাৰত ডিটেক্টিভ প্রাইভেট লিমিটেডৰ পৰিচালক সুনীল কুমাৰে সদৰী কৰামতে শেহতীয়াকৈ দেশত এয়া এক ট্রেণ্ড হৈ পৰিছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme