1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:49 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

যুদ্ধ আৰম্ভ, মোদীয়েই শেষ ভৰষা ইউক্ৰেইনৰ…

  • Update Time : Thursday, February 24, 2022

ডিজিটেল ডেস্কঃ আৰম্ভ হ’ল ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ। বিভিন্ন দেশে দিয়া বাধাক নেওচি ৰাছিয়াই আক্ৰমণ কৰিছে ইউক্ৰেইনক। যুদ্ধৰ প্ৰথম দিনটোতেই ইউক্ৰেইনৰ ওপৰত উপৰ্যুপৰি মিছাইল আক্ৰমণকে ধৰি আকাশমাৰ্গেৰে চলাইছে আক্ৰমণ। ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি এই আক্ৰমণত ইউক্ৰেইনৰ সেনাকে ধৰি ৫০ৰো অধিক সাধাৰণ নাগৰিক নিহত হৈছে। যুদ্ধকলৈ শংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব। তাৰ মাজতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত উপস্থিত হৈছে ভাৰতত। ভাৰতত উপস্থিত হৈ ৰাষ্ট্ৰদূতগৰাকীয়ে ভাৰতৰ ওচৰত যুদ্ধ বন্ধ কৰাৰ পুটিনক অনুৰোধ কৰিবলৈ আহ্বান জনাইছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতে কোৱা অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বতেই এজন প্ৰভাৱশালী নেতা। গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ অনুৰোধক নস্যাত নকৰে ৰাছিয়াই। মোদীৰ শক্তিশালী বাৰ্তাই শান্ত কৰিব পাৰে ৰাছিয়াক। ৰাছিয়াই মোদীৰ কথা শুনি বন্ধ কৰিব পাৰে যুদ্ধ। সেইবাবে ৰাছিয়াক যুদ্ধ বন্ধ কৰাৰ দাবী জনাবলৈ আহ্বান জনাইছে প্ৰদানমন্ত্ৰীগৰাকীক। ইপিনে মোদীয়ে বৃহস্পতিবাৰে নিশা এখন জৰুৰী বৈঠকৰো আহ্বান জনাইছে। বৈঠকত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনেৰে ভিডিঅ কনফাৰেন্সযোগে সংযুক্ত হোৱাৰো সম্ভাৱনা আছে।

ইউক্ৰেইনৰ ফালৰ পৰা ভাৰতত থকা ৰাষ্ট্ৰদূত ইগৰ পোলিখাই নৰেন্দ্ৰ মোদীক অনুৰোধ জনাই কৈছে, ৰাছিয়াৰ সৈতে দীৰ্ঘদিন ধৰি ভাল সম্পৰ্ক আছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ। পৃথিৱীৰ আন দেশৰ নেতৃত্বৰ কথা নুশুনিলেও ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা ভ্লাডিমিৰ পুটিনে শুনাৰ সম্ভাৱনা আছে। ইপিনে ভাৰতৰ বহু শিক্ষাৰ্থীও ইউক্ৰেইনত আবদ্ধ হৈ আছে। কেইখনমান বিমানেৰে কিছু সংখ্যকক ওভতাই অনা হৈছে যদিও বৃহস্পতিবাৰে ভাৰতৰ আন এখন বিমান এয়াৰস্পেচ বন্ধ হোৱাৰ বাবে মাজপথৰ পৰা ঘূৰি আহিবলৈ বাধ্য হৈছে। ভাৰতৰ লগতে অসমৰো প্ৰায় ১০০ শিক্ষাৰ্থী আবদ্ধ হৈ আছে দেশখনত। ইউক্ৰেইনৰ থকা ভাৰতীয় দূতাবাসৰ কিয়েভলৈ নাযাবলৈ সকলোকে সঁকিয়াই দিয়া হৈছে। যিয়ে য’তে আছে তাতেই থাকি নতুৱা পশ্চিম ইউক্ৰেইনলৈ পাছপৰ্ট সহিতে যাত্ৰা কৰিবলৈ আদেশ দিছে ভাৰতীয় দূতবাসে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme