ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ আৰু ৰাছিয়াৰ যুদ্ধৰ মাজতে দেশৰ বাবে প্ৰাণ আহুতি দিলে এগৰাকী ইউক্ৰেনিয়ান মহিলাই৷ ইউক্ৰেইনৰ জেট পাইলট নাটাশা পেৰাকোৱে যুদ্ধতে প্ৰাণ হেৰুওৱাৰ খবৰ ভাইকেল এতিয়া সমগ্ৰতে৷ ২৮ বছৰ বয়সত দেশৰ বাবে যুঁজি মৃত্যু হয় নাতাশাৰ৷ বিগত ৮ দিন ধৰি চলি আছে ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ। বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে এই যুদ্ধক্ষেত্ৰত৷ সামাজিক মাধ্যমত ভাইৰেল হৈছে যুদ্ধৰ বহু দৃশ্য। মৃতদেহ, বিস্ফোৰণত ভাঙি যোৱা সু-উচ্চ অট্টালিকা আদিৰ ছবি এতিয়া সমগ্ৰতে ভাইৰেল।
যুদ্ধত হাজাৰ হাজাৰ ইউক্ৰেনিয়ান সৈন্যৰ মৃত্যু হৈছে। ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰি ইউক্ৰেইনৰ বহু অঞ্চল নিজৰ কব্জালৈ আনিছে। শেহতীয়া খবৰ অনুসৰি ইউক্ৰেনিয়ান জেট পাইলট নাটাশা পেৰাকোৱে ৰুছ সেনাৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে৷