1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:22 am

‘যিদিনাই তথ্য ৰাজহুৱা হ’ব, সেইদিনাই কঁপি উঠিব কংগ্ৰেছ৷’ মুখ্যমন্ত্ৰীয়ে কি তথ্য ৰাজহুৱা কৰিলে কম্পমান হ’ব কংগ্ৰেছ?

  • Update Time : Thursday, February 20, 2025

কাৰেণ্ট ট্ৰেণ্ড পলিটিকেল ডেস্কঃ চলি আছে অসম বিধান সভাৰ বাজেট অধিবেশন ২০২৫৷ তৃতীয়টো দিনত অধিবেশনৰ কাৰ্যক্ৰমণিকাত আজি বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপিত হয়৷ শাসকীয় আৰু বিৰোধী উভয় পক্ষৰ বাদানুবাদৰ মাজতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ মজিয়াত কয় যে, ‘গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ বিস্ফোৰক তথ্য শীঘ্ৰেই পোহৰলৈ আহিব, যি তথ্যই কঁপাই তুলিব কংগ্ৰেছক৷ আগষ্টত বিধানসভাৰ অধিৱেশনত তথ্য সহকাৰে সকলো ৰাজহুৱা কৰিম৷ তদন্তৰ খাতিৰত হে বৰ্তমান তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত আছো৷ আলী তৌকিৰ শ্বেখ ১৮ বাৰ আহিছিল ভাৰতলৈ৷ সকলো তথ্য SIT-ৰ তদন্তৰ পোহৰলৈ আহিছে, যিমানলৈ পাৰো তদন্ত কৰিম, নোৱাৰিলে NIA-ক দিম৷’

উল্লেখ্য যে, আলী শ্বেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে ওতপ্রোতভাবে জড়িত এগৰাকী প্রভাৱশালী ব্যক্তি। আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বিভিন্ন ক্ষেত্ৰত ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানক প্রতিনিধিত্ব কৰিছে। ৰাজহুৱাভাৱে উপলব্ধ এই তথ্যসমূহৰ আধাৰত এই বিষয়টো অসম কেবিনেটৰ দৃষ্টিগোচৰ কৰা হয়। উল্লেখ যে আলী শ্বেখ পাকিস্তান চৰকাৰৰ কেইবাটাও পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা কমিটী আদিত সেৱা আগবঢ়াইছে। এই তথ্যসমূহৰ আলমত আৰু পাকিস্তান চৰকাৰ তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে অতীজত অসমক অস্থিৰ কৰাৰ বাবে চলোৱা চেষ্টাৰ ভিত্তিত অসম আৰু ভাৰতৰ গণৰাজ্যৰ ঘৰুৱা বিষয়ত আলী শ্বেখে হস্তক্ষেপ কৰাৰ বাবে চলোৱা চেষ্টাক অসম চৰকাৰে গুৰুত্বসহকাৰে লৈছে। তেওঁৰ সামাজিক মাধ্যমৰ কাৰ্যকলাপ আৰু ৰাজহুৱাভাৱে উপলব্ধ তথ্যৰ তদন্তৰ অন্তত স্পষ্ট হৈছে যে আলী শ্বেখ ব্রিটিছ নাগৰিক আৰু অসমৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবার্ন গগৈৰ সংস্পৰ্শলৈ আহিছিল। পাকিস্তান চৰকাৰৰ সৈতে থকা যোগাযোগৰ লগতে আলী শ্বেখ হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা লীড পাকিস্তানৰ প্ৰতিষ্ঠাতা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme