যকৃতে আমাৰ শৰীৰত জমা হোৱা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ শৰীৰৰ পৰা আঁতৰাই পেলায়। যকৃতৰ স্বাভাৱিক কাম-কাজ ধ্বংস হ’লে শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ শৰীৰত থাকে। ফলত ইটোৰ পিছত সিটোকৈ শৰীৰৰ অংগবোৰ বিকল হ’বলৈ আৰম্ভ কৰে।
যকৃত্ কিয় বেয়া হ’ব পাৰে তাৰ কিছু কাৰণ তলত উল্লেখ কৰা হ’ল, এবাৰ পঢ়ি চাব!
. ৰাতিপুৱা সাৰ পোৱাৰ পিছত বহু সময়লৈকে খাদ্য নোখোৱা অভ্যাসটোও যকৃতৰ বাবে অতি ক্ষতিকাৰক! এই অনিয়ম দীৰ্ঘদিন ধৰি চলি থাকিলে যকৃতৰ স্বাভাৱিক কাৰ্য্যক্ষমতা হেৰুৱাই পেলায়।
. ৰাতিপুৱা সাৰ পাই শৌচাগাৰ আৰু প্ৰস্ৰাৱ ধৰি ৰখাৰ পিছত বহুতে এলেহুৱা হৈ শুই থাকে। এই অভ্যাস যকৃতৰ বাবে অতি ক্ষতিকাৰক! এই অভ্যাস যিমানেই বেছি দিন চলি থাকিব সিমানেই লিভাৰ দুৰ্বল হ’ব।
. অতিৰিক্তভাৱে কেঁচা খাদ্য খোৱাৰ অভ্যাস যকৃতৰ বাবে অতি ক্ষতিকাৰক। যদি অত্যধিক পৰিমাণৰ ফলমূল বা কেঁচা শাক-পাচলি সেৱন কৰা হয়, তেন্তে ই হজম কৰিবলৈ পাচনতন্ত্ৰত অতিৰিক্ত চাপ পেলায়। ই যকৃতত প্ৰভাৱ পেলায়।
. দেৰিকৈ শুৱা আৰু দেৰিকৈ সাৰ পোৱা – দুয়োটা যকৃতৰ বাবে ক্ষতিকাৰক। এই অভ্যাসৰ ফলত শৰীৰত পাচনতন্ত্ৰৰ সমস্যাকে ধৰি একাধিক সমস্যাৰ সৃষ্টি হয়। ই যকৃতত গুৰুতৰ ক্ষতিকাৰক প্ৰভাৱ পেলায়।
. অত্যধিক মদ্যপান অকালতে যকৃত বিকল হোৱাৰ অন্যতম কাৰণ। মদৰ ক্ষতিকাৰক উপাদানে যকৃতৰ গুৰুতৰ ক্ষতি কৰে।