ডিজিটেল ডেস্কঃ চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যিমানেই কঠোৰ স্থিতি অৱলম্বন নকৰক কিয় একাংশ ড্ৰাগছ মাফিয়াই আৰক্ষীৰ চকুত ধুলি দি চলাই আহিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
মৰিগাঁও জিলাৰ বৰছালা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দলে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ড্ৰাগ সৰবৰাস কৰি থকাৰ সময়ত ৪০ টা কণ্টেনাৰসহ দুজনক আটক কৰিবলৈ সক্ষম হয়। অতি পৰিতাপৰ বিষয় যে বৰছালাত প্ৰায়ে ড্ৰাগছৰ ব্যৱসায় পোহৰলৈ আহি থাকে।
সৰবৰাহকাৰীৰ ক্ৰমে নাজিম উদ্দিন আহাম্মেদ আৰু মজিবুৰ ৰহমান বুলি জানিব দিয়ে বৰছালা আৰক্ষীয়ে। সচেতন মহলৰ প্ৰশ্ন হয় এই দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰিব নেকি প্ৰশাসনে। ইয়াৰ লগত জড়িত আৰু কোনো ৰৌ ভৰালীৰ সন্ধান উলিয়াবলৈ সক্ষম হ’ব নে আৰক্ষী প্ৰশাসন সেয়াহে গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে।