বৰ্তমান সময়ত মোবাইল ফোন আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। আমাৰ দৈনন্দিন জীৱনত মোবাইলৰ ফোন ব্যৱহাৰ গুৰুত্বও আছে আনহাতে, মোবাইল ব্যৱহাৰৰ প্ৰতি আসক্ত হৈ পৰাৰ বহু অসুবিধাও আছে। মোবাইল আমাৰ জীৱনত বৰ প্ৰয়োজনীয় যদিও বহু ক্ষেত্ৰত আমাৰ জীৱনত ই প্ৰভাৱো পেলায়৷ বহু সৰু ল’ৰা ছোৱালীয়েও মোবাইলৰ প্ৰতি আসক্ত হোৱা দেখা পোৱা যায়৷ মেবাইল ব্যৱহাৰে আমাক ইমান বেছি নিচাসক্ত যেন কৰি পেলায় যে আমি টোপনিৰ কথাও পাহৰি পেলাও৷ এই নিচাৰ বাবে মানসিক চাপ দীৰ্ঘদিনীয়া চাপলৈ পৰিণত হয়। সেয়ে এই অভ্যাসৰ পৰা পৰিত্ৰাণ পোৱাটো অতি প্ৰয়োজনীয়। মোবাইল ব্যৱহাৰ কৰাৰ অভ্যাসৰ পৰা কেনেকৈ মুক্তি পাব পাৰি জানো আহক-
. প্ৰথমে ফোনটো যি পকেটত ৰাখে সেই ঠাইখিনি কিছুদিনৰ বাবে সলনি কৰক। ইয়াৰ লগে লগে যেতিয়া আপোনাৰ মগজুৱে মোবাইল স্পৰ্শ কৰাৰ সংকেত দিব আৰু আপুনি আপোনাৰ হাতখন পকেটত লৈ যাব তেতিয়া আপুনি মোবাইল ব্যৱহাৰৰ পৰা নিজকে আতঁৰাই ৰাখিব পাৰিব৷
. গুৰুত্বপূৰ্ণ কাম কৰি থাকোঁতে ফোনটো আপোনাৰ পৰা দূৰত ৰাখক যাতে আপোনাৰ কামৰ সময়ত মোবাইলটোলৈ মন নাযায়৷
. শুই উঠাৰ আগতে মোবাইলটো নিজৰ পৰা আঁতৰত ৰাখক। ইয়াৰ লগে লগে সাৰ পোৱাৰ সময়ত বিচনাত ফোন নাথাকিব, গতিকে ৰাতিপুৱাৰ সময়খিনি আন কামত ব্যৱহাৰ কৰিব পাৰিব।
. আজৰি সময়খিনি মোবাইল ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আন কোনো কামত ব্যৱহাৰ কৰক৷
. স্মাৰ্টফোনৰ ছেটিংছত গৈ নোটিফিকেচন বন্ধ কৰক। ইয়াৰ ফলত আপোনাৰ মনোযোগ বাৰে বাৰে ফোনটোলৈ ঘূৰি নাযায়।