কাৰেণ্ট ট্ৰেণ্ড অসম ডেস্কঃ চ’ছিয়েল মিডিয়াত ‘Ghibli’-ৰ খলকনি ৷ চ’ছিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ বাবে নতুন উন্মাদনা৷ ছ’চিয়েল মিডিয়াত ‘Ghibli ধুমুহাৰ পিছত, এনে লাগিছে যে আমি এতিয়া ‘Ghibli’ ৰ পৃথিৱীৰ বাসিন্দা হৈ পৰিছো , Open AI-ৰ GPT-4o-ৰ নব্য মডেল ‘Ghibli’৷ বৰ্তমান ‘Ghibli’ৰ উন্মাদনাই প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ শলাগ লোৱা প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰশংসা কৰিছে৷ যিকোনো চলচ্চিত্ৰখনৰ চিৰ পৰিচিত দৃশ্য, ট্ৰেজেডী, শৈশৱৰ স্মৃতিৰ পৰা বিবাহৰ প্ৰস্তাৱলৈকে, সকলোবোৰ এতিয়া ‘Ghibli সৌজন্যত পুনৰ নিৰ্মাণ কৰাটো সক্ষম হৈ পৰিছে , লক্ষ্যণীয় দিশটো হ’ল ‘Ghibli’-ৰ কোনো নেতিবাচক প্ৰভাৱ নাই৷ ই সম্পূৰ্ণ কলাত্মক এনিমেটেডৰ সুন্দৰ সংমিশ্ৰণ৷ এই নতুন প্ৰযুক্তিৰ আঁৰত আছে Open AI-ৰ GPT-4o’৷ যিয়ে ব্যৱহাৰকাৰীসকলক ষ্টিকাৰ, মিম, ছাইনবোৰ্ড আৰু ফটোসমূহৰ বাস্তৱিক উপাদান সৃষ্টি কৰাত সহায় কৰে৷
কিদৰে নিজৰ ফটোখন ‘Ghibli’ আৰ্টলৈ সলনি কৰিব
ইয়াত কোনো এডিটিং এপৰ প্ৰয়োজন নাই৷ অতি সহজে আপোনাৰ চ’ছিয়েল মিডিয়া হেণ্ডেল ‘X’ত ইতিমধ্যে ‘Ghibli Art’ৰ নতুন পিন তৈয়াৰ কৰা হৈছে৷ যাৰ জৰিয়তে আপুনি Grook AI-ৰ জৰিয়তে সহজতে আপোনাৰ পুৰণি ফটো ‘Ghibli Art’ লৈ পৰিৱৰ্তন কৰিব পাৰিব।
মুখ্যমন্ত্ৰীয়ে চ’ছিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিলে ‘Ghibli Art’ সংযোজিত ফটো
নিজৰ চ’ছিয়েল মিডিয়া হেণ্ডেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰেই এখন Ghibli Art ইমেজ শ্বেয়াৰ কৰি লিখিছে-
‘Couldn’t resist and joined the trend – tried my Ghibli style meme and I am looking a lot more younger 😂 It’s simply fascinating how AI can disrupt the creator industry!
That’s why we are emphasising on skilling Assam’s youth in new age tech, which can help augment their career opportunities!’
চ’ছিয়েল মিডিয়াত CM হিমন্তৰ পোষ্ট