1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:44 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

মিছা কথা নহয়, সন্তানৰ হাতত ম’বাইল দিয়াতকৈ জ্বলন্ত অঙঠা দিয়ক৷

  • Update Time : Tuesday, March 12, 2024

পিতৃ-মাতৃৰ বাবে সন্তান কি? হয়তো এই প্ৰশ্নৰ উত্তৰ সৃষ্টিৰ আদিতম সত্য উদ্ভাৱনৰ পিছতো নোলাব। প্ৰায় ৯ মাহ গৰ্ভত ধাৰণ কৰি প্ৰসৱ বেদনাকো আওকাণ কৰি এগৰাকী মাতৃয়ে জন্ম দিয়ে নিজৰ সন্তানক। একেদৰে এগৰাকী পিতৃয়ে হাড়ক মাটি কৰি আৰু তেজক পানী কৰি সন্তানৰ সকলো প্ৰয়োজন যোগান ধৰে। ক’বলৈ গ’লে পিতৃ-মাতৃয়ে সৰ্বস্ব ত্যাগ কৰি নিজৰ জীৱন উছৰ্গা কৰে নিজ সন্তানৰ বাবে৷ কিন্তু কেতিয়াবা পিতৃ-মাতৃয়ে নজনাকে তেওঁলোকৰ দ্বাৰা এনে কিছুমান ভুল হৈ যায়, যিবোৰ ভুলে মাটিত থলে পৰুৱা আৰু মূৰত থলে ওকণিয়ে খাই বুলি ভৱা সন্তানৰ ভৱিষ্যত অন্ধকাৰ কৰি তোলে ৷ এই লিখনি, এটা সত্য ঘটনাৰ আলমত৷ আফগানিস্তানত বাস কৰা এটা ভাৰতীয় পৰিয়ালে এতিয়া চকুলোৰে বাট নেদেখা হৈছে৷ খবৰ অনুসৰি, পৰিয়ালটোত আছে পিতৃ-মাতৃ আৰু তেওঁলোকৰ একমাত্ৰ ৩ বছৰীয়া সন্তান৷ পিতৃ ব্যৱসায়ত ব্যস্ত হোৱাৰ বাবে পৰিয়ালটোক অধিক সময় দিব নোৱাৰে। মাতৃগৰাকীয়ে ঘৰুৱা কামবোৰ সমাপন কৰাৰ সময়তেই কণমানি সন্তানে যাতে আমনি নকৰে তাৰ বাবে সন্তানৰ হাতত তুলি দিছিল ম’বাইল ফোন৷ কিন্তু এয়ে আছিল পিতৃ-মাতৃহালৰ জীৱনৰ চূড়ান্ত ভুল৷ বৰ্তমান পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, সন্তানটিয়ে ম’বাইলৰ বাহিৰে আন একোকেই চিনি নাপায়৷ আটাইতকৈ ভয়ংকৰ কথাটো হ’ল, সন্তানটিয়ে এতিয়া যিবোৰ কথা কয়, সেয়া ম’বাইলৰ পৰা হে নকল কৰা অৰ্থাৎ ম’বাইলত যি শব্দ সন্তানটিয়ে শুনে, তাকেহে আওৰাই৷ বৰ্তমান এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে৷ বৈজ্ঞানিক দৃষ্টিভংগীত সন্তানটি VIRTUALAUTISM নামৰ ৰোগত আক্ৰান্ত হৈছে৷ তথ্য অনুসৰি এই ৰোগবিধে শিশুক মানসিকভাৱে বিকলাংগ কৰি তোলে৷ এই ঘটনা যিমান কৰুণ, সিমানেই কিন্তু এই ঘটনাৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজন৷ কাৰণ আপোনাৰ হাতত থকা ম’বাইল ফোনটো আপোনাৰ সন্তানৰ বাবে হৈ পৰিব পাৰে কাল৷ সেয়ে হয়তো এগৰাকী শিশুৰোগ বিশেষজ্ঞই কৈছিল- আপোনাৰ সন্তানৰ হাতত ম’বাইল দিয়াতকৈ, জ্বলন্ত অঙঠা দিয়াই ভাল৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme