ক) ঘিউৰ ব্যৱহাৰে পাচন তন্ত্ৰ উন্নত কৰে। ৰাতিপুৱা ইয়াক কম পৰিমাণে সেৱন কৰিলে পাচন তন্ত্ৰ উন্নত হয়। ই পুষ্টি আহৰণত সহায় কৰাৰ লগতে অন্ত্ৰৰ স্বাস্থ্যও উন্নত কৰি ৰাখে।
খ) ঘিউত থকা ভিটামিন আৰু এণ্টিঅক্সিডেণ্টে ভিতৰৰ পৰা ছালখনক স্বাস্থ্যৱান কৰে।ই ছালক প্ৰাকৃতিক তথা ৰং উজ্জ্বল কৰাত সহায় কৰে।
গ) ঘিউ মগজুৰ বাবেও অতি উপকাৰী। ই শৰীৰত হৰমনৰ ভাৰসাম্য সঠিক কৰি ৰখাত সহায় কৰে।যাৰ ফলত মন-মগজু সকলো শান্ত হৈ থাকে
ঘ) বহুতো মহিলাৰ ঋতুস্ৰাৱৰ সময়ত অসহনীয় বিষ হয়। এনে পৰিস্থিতিত চাহত ঘিউ মিহলি কৰি খাব লাগে।