1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 10:43 am

মানৱ সৰবৰাহকাৰীয়ে বিক্ৰী কৰা কিশোৰ উদ্ধাৰ

  • Update Time : Sunday, March 3, 2024

ৰাজ্যত মানৱ সৰবৰাহকাৰীৰ কবলত পৰি বহি:ৰাজ্যত বিক্ৰী হোৱা এটি কিশোৰক তিনিবছৰৰ মূৰত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী৷ তিনিবছৰ পূৰ্বে জামুগুৰিহাটৰ গটাইমাৰীৰ ১৩ বছৰীয়া জাহিৰুল ইছলাম নামৰ এই কিশোৰটিক ফুচুলাই নি চাৰিবাৰকৈ বিক্ৰী কৰিছিল চক্ৰটোৱে৷ গটাইমাৰী অঞ্চলৰে ওমৰ আলি নামৰ এটা মানৱ সৰবৰাহকাৰীয়ে শিশুটিক ঘৰলৈ গৈ থকা অৱস্থাত পথতে ফুচুলাই কিশোৰটিক নি প্ৰথমে লখিমপুৰত তাৰপিছত হাৰমতি আৰু অৰুণাচলত বিক্ৰী কৰাৰ পিছত আজি অৰুণাচলৰ দাপৰিজ আৰক্ষী চকীৰ অন্তৰ্গত দাপ অঞ্চলত উদ্ধাৰ কৰিবলৈ সক্ষম হয় জামুগুৰি আৰক্ষীয়ে৷ এঘৰ লোকৰ ঘৰত বন্দীত্বৰ জীৱন অতিবাহিত কৰি বনকৰা ল’ৰা হিচাপে থাকিব লগা হোৱা এই কিশোৰটিয়ে বাচন-বৰ্তন ধুই থকা অৱস্থাতে গৈ উদ্ধাৰ কৰে জামুগুৰি আৰক্ষীয়ে৷ প্ৰচণ্ড শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হোৱা কিশোৰটিক বাচন-বৰ্তন ধোৱা কামৰ লগতে গেৰেজত গাড়ী ধোৱা আদি কামতো ব্যস্ত কৰাইছিল মালিকে৷ আনকি মালিকে শাৰীৰিক নিৰ্যাতন চলোৱাৰ কথাও সদৰি কৰিছে কিশোৰটিয়ে৷ সাধাৰণ কথাতে ঘৰৰ মালিকে চোকা অস্ত্ৰৰে কাণত আঘাত কৰাৰ লগতে মুখত আঘাত কৰাৰ বিষয় ব্যক্ত কৰিছে কিশোৰটিয়ে৷ ইতিমধ্যে ঘটনাৰ লগত জড়িত মানৱ সৰবৰাহকাৰী ওমৰ আলিক পূৰ্বেই জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে লখিমপুৰৰ আন এটা সৰবৰাহকাৰীকো জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল৷ কিন্তু বছৰ বছৰ ধৰি উদ্ধাৰ কৰিব পৰা নাছিল কিশোৰটিক৷ আজি প্ৰায় তিনি বছৰৰ মূৰত সন্ধানহীন হৈ থকা কিশোৰটিক জামুগুৰি আৰক্ষীৰ উপ-পৰিদৰ্শক অমৃত গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে এইদৰে উদ্ধাৰ কৰি অনাত পৰিয়ালটিয়ে আৰক্ষীক ধন্যবাদ আৰু কৃতজ্ঞতাও জ্ঞাপন কৰিছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme