1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 2:01 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

মানৱতাৰ বধ্যভূমিত পৰিণত গাজা

  • Update Time : Friday, March 1, 2024

ইজৰাইল-হামাছৰ যুদ্ধঃ গাজা চহৰত সাহায্য সামগ্ৰীৰ বাবে অপেক্ষা কৰি থকা পেলেষ্টাইনী জনসমাগমৰ ওপৰত ইজৰাইলৰ সৈন্যই আক্ৰমণত ১০০ৰো অধিক লোকৰ মৃত্যু হয়। খাদ্য কঢ়িয়াই অনা ট্ৰাকৰ চাৰিওফালে ভোকাতুৰ পেলেষ্টাইনী লোকসকল সমবেত হোৱাৰ পিছতে এই ঘটনা সংঘটিত হয়। এই ঘটনাত ১১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭৬০ জনতকৈ অধিক লোক আহত হৈছে। যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা গাজাত সংঘটিত হোৱা অন্যতম ভয়ংকৰ ঘটনা। ইয়াৰ লগে লগে প্ৰায় পাঁচ মাহ পূৰ্বে আৰম্ভ হোৱা ইজৰাইল-হামাছ যুদ্ধত নিহত লোকৰ সংখ্যা ৩০ হাজাৰৰো অধিক হৈছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, খাদ্য পোৱাৰ আশাত পশ্চিম গাজা চহৰত উপস্থিত হোৱা সাহায্য ট্ৰাকৰ চাৰিওফালে মানুহ গোট খাইছিল, তেতিয়া ইজৰাইলৰ সৈন্যই গুলীচালনা কৰিছিল।
শুকুৰবাৰে পুৱা গাজা চহৰৰ পশ্চিম অঞ্চলৰ শ্বেইখ আজলীনৰ হাৰুণ আল ৰছিদ ষ্ট্ৰীটত অতি প্ৰয়োজনীয় সাহায্য কঢ়িয়াই অনা ট্ৰাকৰ এটা দল উপস্থিত হয়।

ইজৰাইলে স্বীকাৰ কৰিছে এই আক্ৰমণৰ কথা। লগতে মন্তব্য কৰিছে যে ইজৰাইলী বাহিনীক পেলেষ্টাইনীসকলে ভাবুকি দিছিল যাৰবাবে ভিৰলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয় ইজৰাইলী সেনা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme