মানুহৰ জীৱনটো নানা সমস্যাৰে ভৰা৷ এজন ব্যক্তিয়ে যেতিয়া জীৱনত সন্মুখীন হোৱা কোনো এটা সমস্যাৰ সমাধান নিজা সামৰ্থ্যৰে কৰিব নোৱাৰে, তেতিয়াই মানসিক চাপত ভোগা দেখা যায়৷
যিকোনো ধৰণৰ পৰিৱৰ্তনে শাৰীৰিক, আৱেগিক বা মানসিক চাপৰ সৃষ্টি কৰে৷ মনোযোগ বা কাৰ্য্যৰ প্ৰয়োজন হোৱা যিকোনো বস্তুৰ প্ৰতি শৰীৰে দিয়া সঁহাৰি হ’ল মানসিক চাপ।
সাধাৰণতে কম পৰিমাণে মানসিক চাপত ভোগাটো মানুহৰ শৰীৰ আৰু মনৰ কাৰণে ক্ষতিকাৰক নহয়৷ কম পৰিমাণৰ মানসিক চাপে ব্যক্তি এজনক জীৱনত কৃতকাৰ্য হোৱাত সহায় কৰে৷
কিন্তু অতিমাত্ৰা মানসিক চাপ স্বাস্হ্যৰ বাবে ক্ষতিকাৰক৷ ই হতাশা, চিন্তা আৰু বাৰ্নআউটৰ অনুভৱ কৰাব পাৰে। শাৰীৰিকভাৱে ক্লান্ত আৰু মোকাবিলা কৰিব নোৱাৰা অনুভৱ কৰায়।
অত্যধিক মানসিক চাপে ব্যক্তি এজনৰ আৱেগিক আৰু মানসিক সমস্যাৰ সৃষ্টি কৰাৰ লগতে হৃৎপিণ্ডৰ ৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, আত্মহত্যা, ষ্ট্ৰক আৰু কৰ্কট ৰোগ পৰ্যন্ত সৃষ্টি কৰিব পাৰে৷
কিছুমান মানসিক চাপে মৃদু উদ্বেগ বা হতাশাৰ অনুভূতিৰ সৃষ্টি কৰিব পাৰে যদিও দীৰ্ঘদিনীয়া মানসিক চাপে বাৰ্নআউট , উদ্বেগজনক বিকাৰ , আৰু হতাশাৰ সৃষ্টি কৰিব পাৰে।
মানসিক চাপত ভোগাৰ বহুতো লক্ষণ আছে৷ ইয়াৰে কিছুমান লক্ষণ হৈছে-
বাৰে বাৰে চিগাৰেট বা অন্য ধপাঁত সেৱন কৰা, অনবৰত নখ কামুৰি থকা, সঘনে চাহ বা কফি খোৱা, ভৰি লৰাই থকা, নিজকে সামাজিকভাৱে আঁতৰাই ৰখা, অকলে থাকিবলৈ ভাল পোৱা ইত্যাদি হৈছে অভ্যাসগত লক্ষণ৷
সোনকালে কথা পাহৰা, ভাবিবলৈ টান পোৱা, খুব ভয় কৰা হৈছে আৱেগিক লক্ষণ৷
হাত-ভৰিৰ কঁপনি হোৱা , হাতৰ তলুৱা ঘমা, আঙুলি ঠাণ্ডা হৈ পৰা ইত্যাদি শাৰীৰিক লক্ষণ৷
পৰিত্ৰাণৰ উপায়-
শাৰীৰিক আৰু মানসিকভাৱে অত্যধিক হেঁচা পোৱা কামত , অধিক সময় কাম কৰাবলগীয়া হোৱাৰ ফলতো মানসিক চাপ হয়৷
যিবোৰ কথাই মানসিক চাপ দিয়ে, সেইবোৰ চিনাক্ত কৰি সেই কথাবোৰৰ পৰা আঁতৰি থাকিব লাগে৷ শাৰীৰিক কাৰ্য্যকলাপে মগজু আৰু শৰীৰত ডাঙৰ প্ৰভাৱ পেলায় ৷ ব্যায়ামে মানসিক চাপ কমায় আৰু মানসিক ৰোগৰ সৈতে জড়িত বহু লক্ষণৰ উন্নতি সাধন কৰে। খোজ কঢ়া, দৌৰা, বেডমিণ্টন খেলা, ফুটবল খেলা আদিয়ে মানসিক চাপৰ পৰা আঁতৰাই ৰাখিব পাৰে৷
এৰোবিকছ, যোগ, চাইকথেৰাপি, মেডিটেচন, মাছাজ, ফিজিঅথেৰাপি আদিৰ সহায় লৈও মানসিক চাপ কমাব পাৰি৷