1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 29, 2025, 2:02 pm

মানচেষ্টাৰ টেষ্টত গুৰুতৰভাৱে আহত পণ্ট, অৱশেষত ঋষভৰ Replacement পালে BCCI য়ে

  • Update Time : Tuesday, July 29, 2025

ভাৰত-ইংলেণ্ডৰ মানচেষ্টাৰ টেষ্টৰ প্ৰথম দিনাই সোঁ ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় উপ-অধিনায়ক ঋষভ পণ্ট, যাৰ পিছতে মেচ আধাতে সামৰিব লগা হয় তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। শেহতীয়াকৈ ঋষভৰ স্বাস্থ্যৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছে যাৰ বাবে এতিয়া অভেল’ত অনুষ্ঠিত হ’বলগীয়া হৈ পঞ্চমখন টেষ্টৰ পৰা বাদ পৰিছে উপ-অধিনায়ক ঋষভ পণ্টৰ নাম। বি চি চি আই মেডিকেল টিমে তেওঁৰ অগ্ৰগতি নিৰীক্ষণ কৰি থাকিব আৰু দলটোৱে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে। ইতিমধ্যে ঋষভৰ ৰিপ্লেচমেণ্ট পোৱা গৈছে, ঋষভ পণ্টৰ সলনি নাৰায়ণ জগদীছনক নিযুক্তি দিছে পুৰুষৰ বাছনি সমিতিয়ে। এই কথা সদৰী কৰিছে BCCIৰ সন্মানীয় সম্পাদক দেৱজিত লন শইকীয়াই। পঞ্চম টেষ্টৰ বাবে ভাৰতৰ দলত থাকিব : শুবমান গিল (চি), যশস্বী জয়ছৱাল, কে এল ৰাহুল, ছাই সুদৰ্শন, অভিমন্যু ইয়াশ্বৰন, কৰুণ নাইৰ, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল (ডব্লিউ কে), ৱাশ্বিংটন সুন্দৰ, শ্বাৰদুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, ম. ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, আকাশ দীপ, কুলদীপ যাদৱ, অংশুল কম্বোজ, আৰ্শদীপ সিং, এন জগদীষন (ডব্লিউ কে)। পণ্টে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছে তেওঁৰ শেহতীয়া এখন ফ’টো যিখনে এতিয়া আৱেগিক কৰি তুলিছে খেলুৱৈগৰাকীৰ অনুৰাগীসকলক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme