1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:06 am

মাত্ৰ ৫০টকাৰ বাবেই জীৱনৰ চৰম সিদ্ধান্ত লবলৈ বাধ্য হ’ল নেকি ১৩বছৰীয়া ছাত্ৰজনে?

  • Update Time : Saturday, August 3, 2024

দেৰগাঁৱৰ পুলি কৰৈয়নিত ভয়ংকৰ ঘটনা। চুৰিৰ অভিযোগত অভিযুক্ত ১৩ বছৰীয়া ছাত্ৰই ল’লে চৰম পথ। কালি সপ্তম শ্ৰেণীৰ এজন ছাত্ৰক চুৰিৰ অভিযোগত অভিযুক্ত কৰা হৈছিল। ৫০ টকাৰ চুৰিৰ অভিযোগ তুলিছিল চুবুৰিয়া এঘৰ লোকে তাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছিল ছাত্ৰ জন । কিন্তু আজি এটা পুখুৰীত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহ।
ইয়াৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। চুৰিৰ অভিযোগত মানসিকভাৱে ভীতিগ্ৰস্ত হৈ এই সিদ্ধান্ত ল’লে নেকি ছাত্ৰ জনে? এই সন্দৰ্ভত ঘটনাস্থলীত দেৰগাঁও আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব কি আচলতে প্ৰকৃত সত্য?

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme