1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:22 am

মাত্ৰ এইকেইটা কাম কৰি চুলি সৰা ৰোধ কৰিব পাৰে!

  • Update Time : Monday, July 22, 2024

বৰ্তমান সময়ত চুলি সৰা এক ডাঙৰ সমস্যা ৰূপে চিহ্নিত হৈছে। কম বয়সতে চুলি সৰি যোৱাৰ ফলত বহু লোক সমস্যাত পৰাও দেখা যায়। বহু লোকে চুলি সৰা সমস্যাত ভুগি চিন্তিত হৈ পৰে৷ চুলি সৰা এই সমস্যাৰ পৰা কেনেকৈ ৰক্ষা পাহ জানো আহক,
. আপোনাৰ খাদ্যৰ তালিকাত কণী যোগ কৰক৷ কণীত বহু পৰিমাণে প্ৰটিন থাকে। প্ৰটিনে চুলি শক্তিশালী হোৱাত বহু পৰিমাণে সহায় কৰে।
. পালেং শাকৰ লগতে অন্যান্য সেউজীয়া শাক–পালেং শাকৰ লগতে অন্যান্য সেউজীয়া শাকত প্ৰচূৰ পৰিমাণে আইৰণ থাকে। আইৰণে চুলিৰ গ্ৰুথ হোৱাত সহায় কৰে।
. গাজৰে চুলি গ্ৰুথ হোৱাত সহায় কৰে। গাজৰত প্ৰচূৰ পৰিমাণে ভিটামিন A থাকে। যি চুলিত শক্তিশালী কৰে।
. ভিটামিন C যুক্ত খাদ্যই চুলি সৰা সমস্যা বহু খিনি হ্ৰাস কৰাত সহায় কৰে।

আনহাতে,
. সপ্তাহত মাটিদাইল পিহি তাত চাউল ধোৱা পানী, জবা পাত পিহি একেলগে মিহলাই ধুব । এনে কৰিলে চুলি সৰা বন্ধ হ’ব ।
. কেঁচা পিয়াজৰ ৰস আৰু নহৰু ৰস চুলিৰ গুৰিত সানিব ।
. বীট, কফিৰ গুড়ি, শিলিখাৰ ৰস, চাহ পাতৰ ৰস, জেতুকা পাতৰ ৰস মিহলাই সানিলে চুলিৰ ৰং ক’লা হয় ।
. চুলিৰ গুড়ি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। চুলিত উফি হ’ব দিব নালাগে ।
. কেতিয়াও আনৰ ফণি, গামোচা ব্যৱহাৰ নকৰিব । নহৰু ৰসৰ লগত এচামুচ নেমু ৰস মিহলাই সানিলে উফি নাইকিয়া হয় ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme