1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 21, 2025, 10:14 am

মাজুলীত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীক নিলম্বন

  • Update Time : Friday, December 3, 2021

ডিজিটেল ডেস্কঃ বৃহস্পতি বাৰে নিমাতী-কমলাবাৰী ফেৰীৰ পৰা এজন লোকে জাপ দিছিল ব্ৰহ্মপুত্ৰত। কিন্তু বৰ্তমানলৈ জাপ দিয়া ব্যক্তিগৰাকীৰ পৰিচয় উলিয়াবলৈ সক্ষম হোৱা নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগ। মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ পিছতো আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ হেমাহিক লৈ প্ৰশ্ন উত্থাপিত হৈছিল তাৰ পিছতেই বৃহস্পতি বাৰৰ ঘটনাটো।

যাত্ৰীৰ সুৰক্ষাৰ দ্বায়িত্ব লোৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে আভ্যন্তৰীণ জল পৰিবহন বিভাগ। অনলাইন পদ্ধতিৰে টিকট কটাৰ ব্যৱস্থাৰ পিছত যাত্ৰীৰ সম্পূৰ্ণ পৰিচয় বিভাগৰ হাতত থাকে বুলি দাবী কৰিছিল যদিও বৃহস্পতিবাৰে জাপ দিয়া যুৱকজনৰ পৰিচয় কিয় দাঙি ধৰিব নোৱাৰিলে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বুলি জাঙুৰ খাই উঠিছে একাংশ লোক।

উল্লেখ্য যে, ফেৰীৰ পৰা জাঁপ দিয়া ব্যক্তিৰ পৰিচয় দিব নোৱাৰাৰ বাবে বিভাগটোৰ এজন কনিষ্ঠ অভিযন্তা সহ ৩ জন কৰ্মচাৰীক নিলম্বন কৰে। নিলম্বিত কনিষ্ঠ অভিযন্তা জনৰ নাম অসীম বৰুৱা বুলি জানিব পৰা গৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme