অসমীয়াসকলৰ বাবে মাছ অতি প্ৰিয়। কিন্তু মাছ খাওঁতে ডিঙিত প্ৰায়েই কাঁইট লাগি ধৰে। কাঁইট লাগিলেই বহুলোকে
শুকান ভাত খায়, তেনে কৰিলে কাঁইট ডাল তললৈ গুচি যায়। কিন্তু বহু সময়ত শুকান ভাতেও কাঁইট আতঁৰাব নোৱাৰে। তেনে ক্ষেত্ৰত আপুনি কি কৰিব মনত ৰাখক-
. ডিঙিত মাছৰ কাঁইট লাগিলে অলপো পলম নকৰি অলিভ অইল খাওঁক। অলিভ অইল আন তেলতকৈ পিছল গতিকে কাঁইট ডাল তললৈ নিবলৈ সহায় কৰে।
. অলপ কুহুমীয়া পানীত নেমু মিহলাই খালেও কাঁইট আঁতৰি যায়।
. পানীৰ সৈতে ভিনেগাৰ মিহলাই খাওঁক। এনে কৰিলে শীঘ্ৰেই ডিঙিৰ পৰা কাঁইট আতঁৰাৰ সম্ভাৱনা।
. নিমখে কাঁইটক কোমল কৰে। গতিকে, পানীৰ সৈতে নিমখ মিহলাই পান কৰক।
এই সমূহ কৰাৰ পিছতো যদি আপুনি সুফল পোৱা নাই তেন্তে শীঘ্ৰেই চিকিত্সকৰ কাষ চাপক।