নানা জাতি-উপজাতিৰ সমাহৰস্থলী হৈছে অসমভূমি, জাতি-বৰ্ণ নিৰ্বিশেষে সকলোৱে একগোট হৈ এই সাতামপুৰুষীয়া পৰম্পৰাসমূহক ধৰি ৰখাৰ চেষ্টা কৰি আহিছে। বিশেষকৈ অসমীয়া প্ৰাণৰ হেঁপাহৰ মাঘ বিহু অৰ্থাত্ ভোগালী বিহুৱে সকলোৰে মাজত অন্য এক মাদকতা অতীজৰে বজাই ৰাখিছে। মাঘবিহুৰ সংস্কাৰসমূহে সকলোৰে মাজত এক জাতীয়তাবোধ জগাই তুলিছে। বহুতে উল্লেখ কৰে যে মাঘ বিহু আদিম যুগৰ বড়ো মূলীয় লোকসকলৰ প্ৰধান উত্সৱ আছিল, পৰৱৰ্তী সময়ত আৰ্য ব্ৰাহ্মণসকলে হিন্দু ৰীতি মতে তিথি নিৰ্ধাৰিত কৰি দিয়াত সেই অনুসৰি মাঘ বিহু পৰিগ্ৰহ কৰিছে। বয়োজ্যেষ্ঠসকলে উল্লেখ কৰে যে তাহানি কালতে কেৱল গৰখীয়া ল’ৰাসকলহে ভেলাঘৰ সজা কাৰ্যৰ লগত জড়িত আছিল। পূৰ্বতে বহু গাঁৱৰ ৰাইজে উৰুকা বা তাৰ আগদিনা সন্মিলিতভাৱে সকলো একগোট হৈ ওচৰৰ বিল বা পুখুৰীত মাছ মাৰিবলৈ গৈছিল। আনহাতে ভেলাঘৰৰ পৰা অনা জ্বলি যোৱা বাঁহৰ এটি টুকুৰা ঘৰলৈ আনি ফল নলগা গছত বান্ধি বা আওজাই থোৱা দেখা পোৱা যায়। পৰম্পৰা অনুসৰি কিছুমান গাঁৱৰ মহিলাসকলে বিহুৰ দিনা গা ধুই এৱা সূতাৰে ঘৰৰ চালবোৰ ঘৰৰ চাৰিওফালে মেৰিয়াই বান্ধে। লোকবিশ্বাস মতে মাঘ বিহুৰ পাছৰ পূৰ্ণিমাত মেজি সাঁজি, ভোজ-ভাত খাই এই উত্সৱ পালন কৰে। উল্লেখযোগ্য যে কোনো কোনো জনগোষ্ঠীয়ে মেজি সাজোতে প্ৰথমতে নামঘৰীয়া বা বয়োজ্যেষ্ঠৰ পৰা আশীৰ্বাদ লৈ এই কামৰ শুভাৰম্ভ কৰে।