মাঘে পন্তা বাঘে বল, নামনি অসমত প্ৰচলিত এক বিশ্বাস। দোমাহীৰ নিশা বনোৱা আঞ্জা, তৰকাৰী, ভাত বাহি কৰি পহিলা মাঘৰ দিনা খোৱাটো নামনি অসমত মাঘৰ বিহুত প্ৰচলিত এক পৰম্পৰা। মাঘত পইঁতা ভাতৰ জোৰ বাঘৰ বলৰ সৈতে ৰজিতা খোৱাই অতীজৰে পৰা নামনি অসমৰ ফালে এক মাঘৰ দিনা পুৱালৈ বা দুপৰীয়ালৈ পইঁতা ভাত খোৱাৰ নিয়ম চলি আহিছে। সংক্ৰান্তিৰ পিছদিনা পুৱালৈ আগদিনা নিশাই পানী দি থোৱা ভাত নাইবা কোনোজনে ঠাণ্ডা ভাতৰ লগতে আগৰাতিৰ মাটি দাইলৰ লগত গুটি আলু ভজা, কণীৰ অমলেট নতুবা মচুৰ দালি বটা নাইবা ক’লা দালি বটা একাষে লৈ বৰ তৃপ্তিৰে সপৰিয়ালে খোৱা নিয়ম। নামনি অসমৰ কোনো কোনো অঞ্চলত সংক্ৰান্তিৰ দিনা বনোৱা মাটি মাহৰ দাইল পিচদিনা খোৱা নিয়ম। কিন্তু খোৱা হয় মাঘী পন্তা? দৰাচলতে
পইতা ভাত বা পন্তা ভাত শ্ৰমজীৱি
খেতিয়কৰ পথাৰত খোৱা মুখ্য আহাৰ।
ভোগালী বিহু হৈছে কৰ্মঠ খেতিয়কৰ
বছৰযোৰা শ্ৰমৰ অন্তত উদযাপন
কৰা ভোগৰ উৎসৱ৷ মাঘ বিহুতেই
মাঘী পইতা বা মাঘী পন্তা খাই
বছৰটোলৈ চহা অসমীয়াই পণ
লয় কৰ্মযোগী হোৱাৰ, লগতে
মাঘৰ পইতা ভাতে সোঁৱৰাই দিয়ে
জেঠ, আহাৰ মাহৰ চিৰাল ফটা
ৰ’দত কিদৰে পইতা ভাতে আঁতৰাইছিল
পথাৰত খেতিয়কৰ ক্ষুধা৷
সেয়ে নামনি অসমত অসমীয়া সমাজে পহিলা মাঘত মাঘী পন্তা খোৱাটো এক পৰম্পৰা হিচাপে গ্ৰহণ কৰি আহিছে৷ পিছে আপুনি খালে নে মাঘী পন্তা?