1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 12:55 am

মহিলা আৰু কৃষকৰ বাবে কি বিশেষ ঘোষণা বাজেটত?

  • Update Time : Monday, February 12, 2024

অসম বিধানসভাত দাখিল ২০২৪-২৫ বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে বাজেট। ২০২৪-২৫ বৰ্ষৰ বাজেটত গ্ৰহণ বহু জনমূখী আঁচনি। চৰকাৰৰ ১ লাখ চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি অনুসৰি ৯৪,৫০৬ গৰাকী নিবনুৱাই এতিয়ালৈকে লাভ কৰিছে চৰকাৰী চাকৰি। প্ৰায় ৩৬হাজাৰ চাকৰিৰ বাবে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন। ২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক বাজেট দাখিল কৰি এই মন্তব্য বিত্তমন্ত্ৰী অজন্তা নেওগৰ। চলিত বৰ্ষত ৫ হাজাৰ আদৰ্ষ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ লক্ষ্য৷ চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ উন্নয়নৰ বাবে ১০০ কোটি টকাৰ অনুদান। পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া ছবিলৈ ১০ লাখ টকাকৈ অনুদানৰ প্ৰস্তাৱ। ৰংমহললৈ স্থানান্তৰিত হ’ব গুৱাহাটী উচ্চ ন্যায়ালয়। প্ৰতিখন ভাওনা সমিতিলৈ ২৫ হাজাৰ টকাৰ সাহাৰ্য। নগৰত ৰূপায়ন কৰা হ’ব “মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান-নগৰীয়া” আঁচনি। দুগ্ধ উত্পাদকলৈ প্ৰদান ২৫ কোটি টকাৰ ৰাজসাহাৰ্য। দীপৰ বিল পুনৰজ্জীৱিত কৰিবৰ বাবে ১০০ কোটি টকাৰ আৱণ্টন। কাজিৰঙাৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ৰ বাবে ৮৮৬ কোটি টকা আৱণ্টন। নতুন দিল্লীত নিৰ্মাণ কৰা হ’ব তৃতীয়টো অসম ভৱন। ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ঘোষণা।
আঁচনিখনে ১০লাখ ছাত্ৰীক সামৰি ল’ব। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে ধার্য ২৪০ কোটি টকা। একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে প্ৰতিগৰাকী ছাত্ৰীক ১০হাজাৰ। স্নাতক শ্ৰেণীৰ বাবে ১২৫০০ আৰু স্নাতকোত্তৰ ছাত্ৰীৰ বাবে ১৫হাজাৰ টকা। চাহ বাগিচাৰ পৰিয়ালক বিদ্যুৎ মাচুল ৰেহাই, চাহ জনজাতি লোকক ভূমিৰ অধিকাৰ। অসম আৰক্ষীৰ ১০ শতাংশ পদ অগ্নিবীৰৰ বাবে সংৰক্ষণ থাকিব। স্থানীয় যুৱকৰ বাবেহে প্ৰযোজ্য হ’ব এই সংৰক্ষণ। ক্ষুদ্ৰ চাহ খেতিয়কৰ উত্কৰ্ষৰ বাবে ১৫ কোটি টকা আৱণ্টন। এনেদৰেই ২০২৪-২৫ বৰ্ষৰ বাজেটত সাধাৰণ জনতাৰ বাবে গ্ৰহণ কৰা হয় বহু জনমূখী আঁচনি।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme