1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:53 pm

সাৱধান! খুচুৰাত বিক্ৰী এচিড, পুনৰ মহিলাৰ ওপৰত এচিড আক্ৰমণ…

  • Update Time : Sunday, March 20, 2022

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ বাৰুইপুৰৰ মল্লিকপুৰত সংঘটিত হয় এক অমানৱীয় ঘটনা৷ এগৰাকী মহিলাক বিবাহিত সম্পৰ্কৰ পৰা ওলাই আহিবলৈ কয় মহিলাগৰাকীৰ প্ৰেমিকে৷ আৰক্ষীয়ে জনোৱা অনুসৰি, এই বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মহিলাগৰাকীয়ে এই সম্পৰ্কৰ পৰা বাহিৰলৈ আহিবলৈ চেষ্টা কৰি আছিল৷ যাৰ ফলত দুয়োগৰাকীৰ মাজত বিবাদৰো সৃষ্টি হয়৷ শুকুৰবাৰে বাৰুইপুৰ আদালতৰ ওচৰত শাজাহানে মহিলা গৰাকীৰ ওপৰত এচিড নিক্ষেপ কৰে। তেওঁক মাৰপিট কৰাৰ লগতে আৰু মৃত্যুৰ ভাবুকি দিয়ে চাহজাহানে। শনিবাৰে বাৰুইপুৰ আৰক্ষী থানাত মহিলাগৰাকীয়ে অভিযোগ দাখিল কৰে৷ ইয়াৰ পিছতে আৰক্ষীয়ে দেওবাৰে কুলতলিৰ পৰা শ্বাহজানক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক বাৰুইপুৰ আদালতলৈ লৈ যায় আৰু তেওঁক সাত দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান মৰ্মে, টাইলচ পৰিষ্কাৰ কৰা এচিড মহিলাগৰাকীৰ ওপৰত নিক্ষেপ কৰে ধৃত চাহজাহানে৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বিক্ৰেতাই ক্ৰেতাৰ পৰিচয় অবিহনে বিক্ৰী কৰিব নোৱাৰে এচিড। তাৰ পাছতো বজাৰত কেনেকৈ এচিড অতি সহজে বিক্ৰী কৰা হয় তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme