1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:49 am

মহাযুদ্ধ! কি হ’ব ইউক্ৰেইনৰ…খোদ নাগৰিকেই সাজিছে ন’ অস্ত্ৰ-শস্ত্ৰ

  • Update Time : Sunday, February 27, 2022

ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ জনতাৰ হাতত এক নতুন অস্ত্ৰ৷ অস্ত্ৰ বনোৱাত ব্যস্ত হৈ পৰিছে ইউক্ৰেইনৰ যুৱক-যুৱতী৷ ৰুছ সেনাক ৰুধিবলৈ পেট্ৰল আৰু কাঁচৰে তৈয়াৰ কৰিছে মলটভ৷ কেৱল মাত্ৰ ৰাজধানী কিয়েভতেই নহয়, সমগ্ৰ ইউক্ৰেইনত লৈ ফুৰিছে এই ককটেল৷ বটলৰ ভিতৰত পেট্ৰল ভৰাই, বটলৰ সাফৰত শলিতা লগাই ব্যৱহাৰ কৰা হয় এই মলটভ৷ শলিতাত জুই জ্বলাই শত্ৰু পক্ষলৈ দলিয়াই দিয়া হয় ককটেল বটল, যাৰ ফলত প্ৰচণ্ড শব্দৰ সৃষ্টি হয়৷ শত্ৰু পক্ষৰ লগত যুঁজ দিবলৈ নতুন কৌশল বিচাৰি উলিয়াইছে ইউক্ৰেইনৰ নাগৰিক সকলে৷ কেৱল মলটভে নহয়, গছ কাটি অৱৰোধ কৰিছে ৰাজপথ৷ যদিহে ৰাছিয়ান সেনা অৰণ্যত লুকাই থকাৰ উমান লাভ কৰে তেন্তে অৰণ্য জ্বলাই দিয়ে ইউক্ৰীয়ান সকলে৷ পুটিন বাহিনীৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ইউক্ৰেইনৰ নাগৰিকে লৈছে এই পদক্ষেপ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme