1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:55 am

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য, বঢ়াৰ পো মহাপুৰুষ মাধৱদেৱৰ আজি তিৰোভাৱ তিথি

  • Update Time : Saturday, August 24, 2024

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য, বঢ়াৰ পো মহাপুৰুষ মাধৱদেৱৰ আজি তিৰোভাৱ তিথি। গুৰুবন্দনা, নাম-কীৰ্তন তথা হৰিনামৰ ধ্বনিৰে মুখৰিত আজি অসমৰ আকাশ-বতাহ। ধৰাৰ বুকুলৈ নামি আহিব অমৃত প্ৰেমৰ নিজৰা। আজি ৰাজ্যৰ সত্ৰ-নামঘৰত পালন কৰা হ’ব মহাপুৰুষজনাৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি।
আজি গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ, নামঘৰসমূহ। সকলোৱে গুণানুকীৰ্তন কৰিছে বঢ়াৰ পোৰ সৃষ্টিৰাজিৰ। ধ্বনিত হৈছে হেজাৰী ঘোষা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত গুৰু মাধৱদেৱেও আধ্যাত্মিক চিন্তা-চৰ্চাৰে সমাজবাদ গঢ়াৰ প্ৰয়াস কৰিছিল। সাহিত্য-সংস্কৃতিৰ পূজাৰী, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ তিৰোভাৱ তিথিত আমিও জনাইছো গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme