আজি পবিত্ৰ গণেশ চতুৰ্থী । সিদ্ধি বিনায়ক গণেশৰ বন্দনাৰে ইতিমধ্যে গুঞ্জৰিত হৈছে ৰাজ্য । গুৱাহাটী মহানগৰীত আছে কেইবাটাও প্ৰখ্যাত আৰু ঐতিহ্যমণ্ডিত গণেশ মন্দিৰ । ইয়ালৈ আহি সেৱা-অৰ্চনা আগবঢ়ালে ভক্তৰ মনোকামনা পূৰ্ণ হয় বুলি প্ৰবাদ আছে । আনহাতে, বহুকেইটা গণেশ মন্দিৰৰ অলৌকিক শক্তিকো বিশ্বাস কৰা হয় । গণেশ চতুৰ্থী উপলক্ষে মহানগৰীৰ গণেশ মন্দিৰসমূহ কেনেদৰে সাজু হৈছে তাৰ এক প্ৰতিবেদন ।
. ঐতিহাসিক লতাশিল গণেশ মন্দিৰত আয়োজন কৰা হৈছে গণেশ চতুৰ্থীৰ । এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে গণেশ পূজা । লতাশিল গণেশ মন্দিৰৰ গণেশক বালক গণেশ বুলি কোৱা হয় । প্ৰবাদ আছে যে আদা আৰু নিমখ দিলেই সন্তুষ্ট হয় বালক গণেশ । কোনো লোকৰ কিবা সামগ্ৰী হেৰালে ভক্তই লতাশিল গণেশ মন্দিৰত আদা-নিমখ দিলেই হেৰুৱা বস্তু ঘূৰাই পায় বুলি বছৰ বছৰ ধৰি জনবিশ্বাস প্ৰচলিত হৈ আহিছে ।
. গণেশগুৰিৰ গণেশ মন্দিৰতো চতুৰ্থীৰ আয়োজন কৰা হৈছে । ইয়াত ৪৮ বছৰ ধৰি আয়োজন কৰি অহা হৈছে এই গণেশ চতুৰ্থী । এইবাৰ ৪৯ সংখ্যক গণেশ চতুৰ্থীত পুৱা ৬ বজাৰ পৰা ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ খুলি দিয়া হৈছে ।
. হাতীশিলা গণেশ মন্দিৰতো গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে । এই উপলক্ষে হোম-যজ্ঞ, নাম-কীৰ্তন হ’ব । গণেশ পূজা উপলক্ষে ইয়াত ২-৩ হাজাৰ ভক্তৰ সমাগম হ’ব বুলি মন্দিৰ সমিতিয়ে আশা কৰিছে ।