1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:36 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

মহানগৰীৰ আধা সংখ্যক ভিক্ষাৰীয়ে ভুৱা

  • Update Time : Thursday, March 21, 2024

মহানগৰীত বৃদ্ধি পাইছে ‘ভুৱা’ ভিক্ষাৰীৰ সংখ্যা৷ কামৰূপ (মেট্ৰ’) জিলা প্ৰশাসনৰ এক সমীক্ষা অনুসৰি মহানগৰীৰ প্ৰায় আধা ভিক্ষাৰী ‘ভুৱা’ বুলি ধৰা পৰিছে৷ ২০২৩ চনত জিলা প্ৰশাসনে ৪৫০০ ভিক্ষাৰী চিনাক্ত কৰিছে৷ ইয়াৰে ২৫০০জন ‘ভুৱা’ ভিক্ষাৰী বুলি ধৰা পৰে৷ এজন ভিক্ষাৰীয়ে গড়ে দৈনিক ১৫০০-২০০০ টকাৰ ভিতৰত উপাৰ্জন কৰে৷ তদুপৰি তেওঁলোকে প্ৰায়ে বিশেষকৈ ধৰ্মীয় অনুষ্ঠানৰ ওচৰত দানকাৰীৰ পৰা বিনামূলীয়াকৈ খাদ্য, কাপোৰ ইত্যাদি লাভ কৰে৷ এই শ্ৰেণীৰ মানুহক ৰাজপথৰ পৰা আঁতৰোৱা সম্ভৱ নহয়, কিয়নো ভিক্ষা খোজাটো তেওঁলোকৰ বাবে উপাৰ্জনৰ এক সহজ উপায়।’-এইদৰে কয় জিলা প্ৰশাসনৰ এগৰাকী বিষয়াই। কামৰূপ (মেট্ৰ’) জিলা প্ৰশাসনৰ সূত্ৰইও জনাইছে যে বছৰ বছৰ ধৰি উত্তৰ ভাৰতৰ কেইবাটাও গেঙে মহানগৰীৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ বাহিৰৰ লোকক বলপূৰ্বকভাৱে ভিক্ষাৰ কামত জড়িত কৰাত সমস্যাটো অধিক ভয়াৱহ হৈ আহিছে। গুৱাহাটীত বিশেষকৈ বাছ ষ্ট’পেজত ভিক্ষাৰীৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে৷ জিলা প্ৰশাসনৰ এগৰাকী বিষয়াই ভিক্ষাৰী আৰু হিজড়া সম্প্ৰদায়ৰ পুনৰ সংস্থাপনৰ উদ্দেশ্যে “SMILE – Support for Marginalized Individuals for Livelihood and Enterprise” আঁচনি ৰূপায়ণ কৰিবলৈ গুৱাহাটীত পৰ্যাপ্ত সংখ্যক দক্ষ বেচৰকাৰী সংস্থাৰ অভাৱ। জিলা প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই উল্লেখ কৰে যে এই খণ্ডত কাম কৰিবলৈ মহানগৰীত কমেও পাঁচটা বেচৰকাৰী সংস্থাক নিয়োগ কৰাৰ ব্যৱস্থা আছে যদিও জিলা প্ৰশাসনে সেই উদ্দেশ্যে দক্ষ বেচৰকাৰী সংস্থা বিচাৰি নাপালে। “আমি এই খণ্ডত জড়িত হ’বলৈ দক্ষ এন জি অ’ বিচাৰিছো। নিৰ্বাচনৰ পিছত আমি পুনৰ দক্ষ এন জি অ’ বিচাৰিবলৈ আৰম্ভ কৰিম। একে সময়তে সাধাৰণ জনতাইও বিনামূলীয়া খাদ্য, কাপোৰ ইত্যাদি, পথৰ বাসিন্দা আৰু ভিক্ষাৰীৰ মাজত বিতৰণ কৰা বন্ধ কৰিব লাগে বুলি জনায় প্ৰশাসনৰ বিষয়াগৰাকীয়ে। বৰঞ্চ আশ্ৰয় গৃহলৈ এনে সামগ্ৰী দান কৰা উচিত। নহ’লে সমস্যাটো চিৰদিনৰ বাবে টিকি থাকিব বুলি মন্তব্য কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme