1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 2:48 am

মহাকাশৰ শূন্য ভেদ কৰাৰ পূৰ্বে, মালায়ালাম সুন্দৰীয়ে ভেদ কৰিছিল প্ৰশান্তৰ হৃদয়…

  • Update Time : Thursday, February 29, 2024

গগনযান অভিযানৰ বাবে চাৰিগৰাকী মহাকাশচাৰীৰ নাম প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰাৰ পিচতে মালায়ালম অভিনেত্রী লেনা কুমাৰে প্রায় এমাহ কাল গোপনে ৰখা খবৰ ৰাজহুৱা কৰে। অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্রাম হেণ্ডলযোগে গগনযানৰ হ’বলগীয়া পাইলট কেপ্টেইন প্রশান্ত বালকৃষ্ণন নায়াৰৰ সৈতে তেওঁৰ বিয়া হোৱাৰ কথা প্রকাশ কৰে। যোৱা ১৭ জানুৱাৰীত দুয়োৰে বিয়া হোৱা বুলি অভিনেত্ৰীগৰাকীয়ে জনায়। বার্তাটোত অভিনেত্ৰীগৰাকীয়ে বিয়াৰ কথাটো মহাকাশচাৰীকেই গৰাকীৰ নাম ৰাজহুৱা নকৰাপৰ্যন্ত গোপনীয়ভাৱে ৰাখিবলগীয়া হৈছিল বুলিও উল্লেখ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme