ডিজিটেল ডেস্কঃ ‘সোনকালেই ঘৰলৈ গৈ আছো। তুমি অপেক্ষা কৰিবা, ল’গ পাম তোমাক।’ মৃত্যুৰ কিছুসময় পূৰ্বে পত্নীক ফোন কৰি এনেদৰে কৈ চিৰদিনৰ বাবে ঢলি পৰিল শ্যামল দাস। শনিবাৰে মনিপুৰৰ সিংঘঘাটত উগ্ৰপন্থীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা আসাম ৰাইফলচৰ জোৱান শ্যামলে মৃত্যুৰ মাত্ৰ কিছুসময় পূৰ্বে পত্নীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰিছিল। সেয়াই আছিল শ্যামল আৰু পত্নীৰ শেষ কথা। কথামতে সোনকালেই ঘৰলৈ উভতিল শ্যামল, কিন্তু কায়িকভাৱে নহয়।
উগ্ৰপন্থীৰ আক্ৰমণত শনিবাৰে প্ৰাণ হেৰুৱাইছিল কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীৰ লগতে তেওঁৰ পত্নী আৰু আঠ বছৰীয়া পুত্ৰইয়ো। কৰ্নেল বিপ্লৱৰ গাড়ীৰ চালক আছিল শ্যামল। শ্যামলেও কৰ্ণেল বিপ্লৱৰ পৰিয়ালটোৰ সৈতে মৃত্যুক সাবটি ল’লে। শনিবাৰে নিশা শ্যামলৰ মৃত্যুৰ খৱৰ পালে তেওঁৰ পৰিবাৰে। শ্যামলৰ মৃত্যুৰ খৱৰত সৰগ ভাঙি পৰিছে পৰিবাৰ নিশা দাসৰ ওপৰত। কিয়নো পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল শ্যামল। ১১ বছৰ পূৰ্বে আসাম ৰাইফলছত যোগদান কৰা দাসে মৃত্যুৰ সময়ত পত্নীসহিতে আঠবছৰীয়া এগৰাকী কন্যাক এৰি থৈ গৈছে।
উল্লেখ্য যে, অসম ৰাইফলছৰ খুগা বেটেলিয়নৰ কমাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠী, এজন কৰ্ণেল পদবীৰ বিষয়া, তেওঁৰ পত্নী, আঠ বছৰীয়া পুত্ৰৰ উপৰিও অৰ্ধসামৰিক বাহিনীৰ চাৰিজন কৰ্মী শনিবাৰে পুৱা মণিপুৰৰ সিংঘঘাটত উগ্ৰপন্থীৰ আক্ৰমণত মৃত্যু হয়। পিপলছ লিবাৰেচন আৰ্মী (পিএলএ) আৰু মণিপুৰ নাগা পিপলছ ফ্ৰণ্টে (এমএনপিএফ) নামৰ দুটা উগ্ৰপন্থী সংগঠন দুটাই সিংঘঘাটৰ চুৰাচান্দপুৰ জিলাৰ চেহকান গাঁৱত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।