কলকাতাৰ ঘটনাৰ গোচৰত গোচৰত গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্ত সঞ্জয় ৰয়ে পলিগ্ৰাফ পৰীক্ষাৰ সময়ত এক চাঞ্চল্যকৰ বক্তব্য দিছে। সূত্ৰ অনুসৰি পৰীক্ষাৰ সময়ত সঞ্জয় ৰয়ে কয় যে, “মোক জড়িত কৰা হৈছে, মই হত্যা কৰা নাই। মই মাত্ৰ মৃতদেহটো দেখাৰ পিছত পলাই আহিলোঁ।
এতিয়ালৈকে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে সঞ্জয়ৰ পিছত আন কোনো গ্ৰেপ্তাৰ কৰিব পৰা নাই। ঘটনাৰ মাত্ৰ এদিন পিছতে কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত সঞ্জয়ক। তদন্তৰ দায়িত্ব লোৱাৰ পিছত চিবিআইয়ে সঞ্জয়ক পুংখানুপুংখভাৱে জেৰা কৰিছে। তদন্তকাৰী সংস্থাটোৱে যোৱা ২৫ আগষ্টত কলকাতাৰ প্ৰেচিডেন্সি জেলত সঞ্জয় ৰায়ৰ পলিগ্ৰাফ টেষ্টো সম্পন্ন কৰিছে।
ধৃত অভিযুক্ত সঞ্জয় ৰায়ে কেৱল পলিগ্ৰাফ টেষ্টৰ সময়তে নহয়, অধিবক্তাৰ সন্মুখতো নিজকে নিৰ্দোষী ঘোষণা কৰে। উকীল কবিতা সৰকাৰে AAJ TAKত কোৱা মতে, যেতিয়া মই তেওঁক সুধিছিলো, তেতিয়া তেওঁ মোক কৈছিল যে মই অপৰাধ সংঘটিত কৰা নাই, মোক জড়িত কৰা হৈছে।