লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছত আন এক মোক্ষম আঘাত৷ পদত্যাগ কৰিলে বৰপেটাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকে। কংগ্ৰেছ সভাপতি মালিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিছে সাংসদ খালেকে। লোকসভা নিৰ্বাচনত বৰপেটা সংসদীয় সমষ্টিটোত টিকটৰ পৰা বঞ্চিত হৈছিল সাংসদগৰাকী৷ উল্লেখ্য যে, আব্দুল খালেকে সংসদীয় সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপক লৈ বিগত কিছুদিনৰ পৰাই ওজৰ-আপত্তি দৰ্শাই আছিল৷ সংসদীয় সমষ্টিটোত স্থানীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাত মত পোষণ কৰিছিল আব্দুল খালেকে৷ পিছে সমষ্টিটোত বৃহৎ গণভিত্তি থকা আব্দুল খালেকৰ আপত্তি শুনাতো দূৰৈৰ কথা, স্থানীয় সাংসদগৰাকীৰ পৰা কোনো ধৰণৰ পৰামৰ্শ নললে কংগ্ৰেছে৷ যাৰ পৰিণতিত পুনক কংগ্ৰেছে হেৰুৱাব লগা হ’ল আন এগৰাকী গণভিত্তি থকা কংগ্ৰেছী নেতাক৷ প্রাপ্ত তথ্য অনুসৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰত দলৰ বিসম্বাদৰ কথা উল্লেখ কৰাৰ লগতে AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক দোষাৰোপ কৰিছে কংগ্ৰেছ ত্যাগী আব্দুল খালেকে৷ ২০১৯ৰ নিৰ্বাচনত অগপৰ প্ৰাৰ্থী কুমাৰ দীপকৰ বিৰুদ্ধে প্ৰায় ১৪,৩০৭ ভোটত জয়লাভ কৰিছিল কংগ্ৰেছী সাংসদ আব্দুল খালেকে। যোৱাটো লোকসভা নিৰ্বাচনত মোডী ধুমুহাৰ মাজতো বৰপেটা সমষ্টিৰ মছনদ দখল কৰিবলৈ সক্ষম হৈছিল সাংসদ আব্দুল খালেকে৷ কিন্তু তাৰ পিছতো কংগ্ৰেছ হাইকামাণ্ডৰ নিৰ্দেশত সংসদীয় সমষ্টিটোত এইবাৰ দীপ বায়নক প্ৰক্ষেপ কৰা বিষয়টো যথেষ্ট তাৎপৰ্য্য বহন কৰিছে৷ হৈ যোৱা বহুকেইটা নিৰ্বাচনত ইতিমধ্যে কংগ্ৰেছে মুখ ঠেকেচা খাইছে৷ তাৰ মাজতে আকৌ দলটোত খহনীয়া অব্যাহত আছে, বিস্মিতা গগৈ, অংকিতা দত্ত, ৰাণা গোস্বামীৰ দৰে গণভিত্তি থকা নেতাক ইতিমধ্যে কংগ্ৰেছে হেৰুৱাব লগা হৈছে৷ তাকো লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত৷ সম্প্ৰতি ৰাজ্যৰ ৰাজনৈতিক পৰিমণ্ডলত প্ৰদেশ কংগ্ৰেছৰ এই শোচনীয় পৰিস্থিতিৰ বাবে দোষাৰোপ APCC-সভাপতি ভূপেন বৰাক কৰা হৈছে। কাৰণ দলটোৰ শোচনীয় পৰিস্থিতিৰ পিছতো নিজৰ দম্ভ আৰু অহংকাৰ ত্যাগ কৰিব নিশিকিলে APCC-সভাপতি ভূপেন বৰাই। গীতাত লিখা আছে, অহংকাৰ আৰু দম্ভ এই দুয়োটা বিকাৰ পাপ, সেয়ে এতিয়া গংগাত ১০ বাৰ স্নান কৰিলে হে ভূপেন বৰাৰ পাপ মোচন হ’ব৷ নহ’লে হয়তো ভূপেন বৰাৰ পাপে তৰুণ গগৈৰ সেই কংগ্ৰেছক তিল তিলকৈ মৃত্যু মুখলৈ ঠেলি দিব৷