এটা শব্দ যিটো সৰুৰ পৰাই আমি প্ৰত্যেকেই শুনি আহিছোঁ, সেই শব্দটোৱেই হ’ল ভূত৷ ভূত শব্দটোৰ সৈতে যেন সৰুৰে পৰা আমাৰ এক সম্পৰ্ক৷ সৰুতে আমাক টুপনি নিয়াবৰ বাবে সাধু কথা কোৱাৰ মাজতে ভূতৰ কথাও কৈছিল মা-দেউতা, ককা-আইতাই৷ যি শুনি শুনি আমি নানান ৰকমৰ ভূতৰ কল্পনা কৰি ভয় খাইছিলো৷ ভূত আচলতে হয় কি? কাল্পনিক নে সঁচাকৈ ভূত বুলি কিবা আছে?
ভূত মানেই হৈছে কুসংস্কাৰ বা অন্ধবিশ্বাস৷ ভূত-প্ৰেতৰ বিশ্বাস পৃথিৱীৰ অন্যান্য আদিম লোকসমাজৰ দৰেই প্ৰচলিত৷ অদৃশ্য আৰু ৰহস্যজনক শক্তি সম্বন্ধে প্ৰচলিত এই লোকবিশ্বাস নগৰতকৈ গাৱঁলীয়া সমাজত অধিক৷ অসমীয়া সমাজত হিন্দু ধৰ্মৰ পৰম্পৰা চলি আহিছে৷ হিন্দু ধৰ্মত নানা দেৱ-দেৱীৰ পূজা অৰ্চনা কৰা হয়৷ এই দেৱ-দেৱীসকল স্বৰ্গত থাকে বুলি বিশ্বাস কৰা হয়৷ ইয়াৰে কিছুমান দেৱতাই নিম্নস্তৰ লাভ কৰি ভূত বা অপদেৱতাৰ স্থান পায়৷ অসমৰ সাধুকথা, লোকগীত,ডাকৰ বচন, প্ৰবাদ-পটন্তৰ, কথাছবি আদিত এই অপদেৱতা বা ভূত-প্ৰেত সমূহে স্থান দখল কৰি থৈছে৷ মানুহৰ দেহত ভূত লম্ভাৰ কথা কোৱাৰ নিশ্বয় শুনিছে৷ অসংলগ্ন কথা কোৱা, হঠাৎ চিঞৰি চিঞৰি কন্দা, অস্থিৰ আচৰণ কৰা, নিশ্চুপ হৈ থকা, চকু টেলেকাই থকা আদি৷ এই লক্ষণ সমূহে দেখা দিলে বেজ বা ওজা মাতি অনা হয়৷ ভূতক খেদিবলৈ বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰে৷ বেজৰ হুমকিত ৰোগীৰ মুখেৰেই ভূতে সঁচা কথা কয় বুলি বিশ্বাস কৰা হয়৷ ভূত-প্ৰেতৰ ওপৰত থকা বিশ্বাসে অসমৰ লোক-সংস্কৃতিৰ ক্ষেত্ৰখন চহকী কৰিছে৷
বিজ্ঞানৰ মতে ভূত আচলতে আমাৰ মনৰ ভাৱনা, চিন্তা৷ সৰুৰে পৰা ভূত বুলি ভাৱি ভয় খাই থকা এয়া প্ৰকৃততে ভূত নহয়৷ ভূত বুলি কোৱা মানেই নিজক অন্ধবিশ্বাসৰ মাজত নিজক সোমোৱাই দিয়া৷ সেয়ে ই ভূত নহয়, আচলতে ই এক চেতনা, মানৰ ভাৱনা৷