1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 4:50 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

ভুলবশত অন্য একাউন্টলৈ টকা ট্ৰেন্সফাৰ হ’লেও ঘূৰাই পাব… কিন্তু কেনেকৈ?

  • Update Time : Sunday, December 12, 2021

ডিজিটেল ডেস্কঃ প্ৰত্যেকজন মানুহেই এতিয়া অনলাইন লেন-দেনৰ সৈতে অভ্যস্ত। ডিজিটেল ইণ্ডিয়া গঢ়াৰ লক্ষ্যেৰে মোদী শাসনাধীন চৰকাৰখনে লৈছে অনলাইন টকা পৰিশোধৰ ব্যৱস্থাৱলী। কিন্তু এই অনলাইন পদ্ধতিৰে টকাৰ লেন-দেন কৰোতে প্ৰায়সংখ্যকে পোৱা এটা সমস্যা হৈছে একাউণ্ট নম্বৰ বা মোবাইল নং ভুল হৈ অন্য ঠাইলৈ টকাৰ ট্ৰেন্সফাৰ হোৱা। যি টকা এবাৰ গুচি যোৱাৰ পিছত ঘূৰাই পোৱাৰ সম্ভাৱনা নাথাকে।

কিন্তু এতিয়াৰে পৰা এই সমস্যা নাথাকিব। আপুনি ভুলবশত ডিজিট ভুল কৰি অন্য একাউন্টলৈ টকা ট্ৰেন্সফাৰ কৰি পালেও সেয়া ঘূৰাই পাব। ইউপিআই, নেট বেংকিং, মোবাইল ট্ৰেন্সফাৰ কৰোতে যদি ভুলবশত বেলেগলৈ টকা ট্ৰেন্সফাৰ হয় তেন্তে সেই কথা অনতিপলমে বেংকত অবগত কৰক। বেংকলৈ যাব নোৱাৰিলেও কাষ্টমাৰ কেয়াৰযোগে সমগ্ৰ ঘটনাটো জনাওক। ইমেইল যোগে বেংকলৈ ট্ৰেন্সফাৰৰ সমূহ তথ্য প্ৰেৰণ কৰক। ভুলবশত কোনটো একাউন্ট নং দিলে সেই সম্পৰ্কেও বেংকত অবগত কৰক।

যদি এনেকৈ ট্ৰেন্সফাৰ কৰোতে একাউন্ট নং বা আই এফ এচ চি কোডটো ভুল কৰে তেন্তে বেংকত আপত্তি দৰ্শোৱাৰ পিছতেই সেই টকা আপোনাৰ একাউন্টত উভতাই দিব বেংকে। অৱশ্যে এইদৰে উভতাই পোৱাৰ ক্ষেত্ৰত কেতিয়াবা দুমাহ পৰ্যন্ত সময় লাগিব পাৰে। যদি বেংকে এই ক্ষেত্ৰত আপোনাক বিশেষ সহায় আগনবঢ়াই তেন্তে আইনী পথ গ্ৰহণ কৰি টকা উভতাই ল’ব পাৰিব। বেংকে সেইক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব বুলিও নিৰ্দেশনাত জনাইছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme