1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:52 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ভিছা নহ’লেও আপুনি যাব পাৰিব এইখন দেশলৈ। সাজু হওক বিদেশ ভ্ৰমণলৈ।

  • Update Time : Wednesday, November 29, 2023

মালয়েছিয়াই নিজৰ পৰ্যটনৰ প্ৰসাৰৰ বাবে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে ঘোষণা কৰিছে যে ভাৰতীয়সকলক বিনা ভিছাৰে মালয়েছিয়া প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ’ব। ভাৰতীয়সকলে ১ ডিচেম্বৰৰ পৰা ৩০ দিন ভিছা অবিহনে মালয়েছিয়াত থাকিব পাৰিব। ১ডিচেম্বৰৰ পৰা ৩০ডিচেম্বৰলৈ বিনা ভিজাৰে প্ৰৱেশ কৰিব পাৰিব মালয়েছিয়াত। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰে দেওবাৰে নিশা নিজৰ দল পিপলছ জাষ্টিচ পাৰ্টিৰ কংগ্ৰেছৰ এখন সভাত দিয়া ভাষণৰ সময়ত এই কথা ঘোষণা কৰে। সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি অৱশ্যে আনোৱাৰে দিয়া ৩০ দিনলৈয়ে ভিছা বিনামূলীয়াকৈ প্ৰৱেশৰ এই নিয়ম কিমান দিনলৈ বলবৎ থাকিব সেই কথাহে লক্ষণীয় হব। মালয়েছিয়াৰ বাবে চীন আৰু ভাৰত শীৰ্ষ বজাৰৰ ভিতৰত অন্যতম। চীন মালয়েছিয়াৰ চতুৰ্থ বৃহত্তম বজাৰ হোৱাৰ বিপৰীতে ভাৰত মালয়েছিয়াৰ পঞ্চম বৃহত্তম বজাৰ। চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত মালয়েছিয়ালৈ ৯০ লাখ ১৬ হাজাৰ পৰ্যটক আহিছিল। য’ত চীনৰ পৰা ৪ লাখ ৯৮ হাজাৰ ৫৪০ পৰ্যটক আৰু ভাৰতৰ পৰা ২ লাখ ৮৩ হাজাৰ ৮৮৫ পৰ্যটক আহিছিল। ২০১৯ চনৰ একে সময়ছোৱাত চীনৰ পৰা ১৫ লাখ লোক আৰু ভাৰতৰ পৰা ৩ লাখ ৫৪ হাজাৰ ৪৮৬ জন লোক পৰ্যটনৰ বাবে মালয়েছিয়ালৈ গৈছিল। মালয়েছিয়াই পৰ্যটনৰ প্ৰসাৰৰ বাবে কিয় গ্ৰহণ কৰিলে এই পদক্ষেপ। মালয়েছিয়াই বিনা ভিছাৰে প্ৰৱেশৰ দুৱাৰ মুকলি কৰাৰ কাৰণ এয়ে যে যাতে দেশত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ, ক’ভিডৰ ফলত ভাৰত আৰু চীনৰ পৰ্যটকৰ সংখ্যা পূৰ্বতকে হ্ৰাস পোৱাটোৱে ইয়াৰ মুল কাৰণ।মালয়েছিয়াৰ পূৰ্বে চুবুৰীয়া দেশ থাইলেণ্ডেও দেশখনত পৰ্যটনক প্ৰসাৰিত কৰাৰ বাবে একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল। থাইলেণ্ডৰ অৰ্থনীতিত পৰ্যটনৰ ডাঙৰ ভূমিকা আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme