ডিজিটেল ডেস্কঃ ভাৰত আৰু চুবুৰীয়া দেশ চীনৰ মাজত সময়ে সময়ে যুদ্ধসদৃশ পৰিবেশৰ সৃষ্টি হৈ আহিছে। প্ৰায়েই চুবুৰীয়া দেশখনৰ সৈতে হৈ থকা মনোমালিন্যৰ বাবে দুয়োখন দেশৰেই সীমান্তবৰ্তী এলেকাত সষ্টম হৈ থাকে সীমান্তৰক্ষী বাহিনী। শেহতীয়াভাৱে চীনে চুবুৰীয়া ৰাজ্য ভুটানৰ ভিতৰলৈ প্ৰবেশ কৰি ভূটানৰ মাটিত ৪ খনকৈ গাওঁ স্থাপন কৰা বুলিও চৰ্চা অব্যাহত আছে।
ভাৰতত বিশ্বৰ ভিতৰতে শক্তিশালী সশস্ত্ৰ বাহিনী থাকিও চীনতকৈ দূৰ্বল কিয়?
অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ বিডি মিশ্ৰাই শনিবাৰে সেনা জোৱানসকলক সীমান্তৰ যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ আহ্বান জনায় কয় যে যদি দেশখনত শক্তিশালী নেতৃত্ব থাকে, তেন্তে ভাৰতে ১৯৬২ চনত চীনৰ বিৰুদ্ধে “পৰাজয়”ৰ সন্মুখীন নহ’লহেঁতেন। চাংলাং জিলাৰ ৰাজপুত ৰেজিমেণ্টৰ চতুৰ্দশ বেটেলিয়ন কেম্পত এখন “সৈনিক সন্মিলন” সম্বোধন কৰি ৰাজ্যপালে কয় যে আমাৰ দেশে কেতিয়াও নিৰাপত্তা হ্ৰাস কৰিব নালাগে। কোনসময়ত ভাৰতবৰ্ষই চীনৰ সৈতে সন্মুখসমৰত নামি পৰিব লগা হয় কোনো ঠিক নাই।
লগতে বিডি মিশ্ৰাই কয় যে, “যদি ১৯৬২ চনত ভাৰতৰ শক্তিশালী নেতৃত্ব থাকিলহেঁতেন, তেন্তে ভাৰতে কেতিয়াও চীনৰ বিৰুদ্ধে পৰাজয় বৰণ কৰিব লগা নহ’ল হেতেন। ভাৰত হৈছে বিশ্বৰ অন্যতম শক্তিশালী সশস্ত্ৰ বাহিনী। কেৱল সুচাৰুৰূপে ইয়াক পৰিচালনা কৰিব নোৱাৰাৰ বাবেই ভাৰতে ইমান শক্তিশালী সামৰিক শক্তি থকাৰ পিছতো পৰাজয় বৰণ কৰিব লগা হৈছে।
প্ৰধানমন্ত্ৰীয়ে সেনাসকলৰ কল্যাণক গুৰুত্ব দিছেনে?
ৰাজ্যপাল মিশ্ৰাই সৈনিক সন্মিলনখনত কয় যে,’প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰখনে সেনা জোৱানসকলৰ কল্যাণৰ বাবে কাম কৰি আছে। নিৰাপত্তা বাহিনীৰ প্ৰতি চৰকাৰৰ মনোভাৱ পূৰ্বতকৈ যথেষ্ট পৰিৱৰ্তন হৈছে। শীৰ্ষ ৰাজনৈতিক নেতৃত্ব নিৰাপত্তাকৰ্মীসকলৰ কল্যাণক লৈ অত্যন্ত চিন্তিত।’ কৰ্মচাৰীসকলক অনুশাসন বজাই ৰাখিবলৈ, নিজকে কঠোৰ প্ৰশিক্ষণ দিবলৈ আৰু নাগৰিকসকলৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰাখিবলৈ আহ্বান জনায় ৰাজ্যপালগৰাকীয়ে।
উল্লেখ্য যে ১৯৬৫ চনৰ ৰেজিমেণ্টৰ কোম্পানী কমাণ্ডাৰ হিচাপে ১৯৬৫ চনৰ ইণ্ডো-পাকিস্তান যুদ্ধত অংশগ্ৰহণ কৰা ৰাজ্যপাল ব্ৰিগেডিয়াৰ বিডি মিশ্ৰাই বেটেলিয়ন আৰু সৈনিকসকলৰ দক্ষতাৰো প্ৰশংসা কৰিছে।