ডিজিটেল ডেস্কঃ ‘পাৰ্যমানে কিলিৰ ধৰণেৰে ভিডিঅ বনাওক। ভাৰতীয় ভাষাক বিশ্বৰ প্ৰেক্ষাপটত তুলি ধৰিবলৈ হ’লে সকলোৱে এই ব্যৱস্থা গ্ৰহণ কৰক।’ প্ৰধানমন্ত্ৰী মোদীয়ে আফ্ৰিকান টিকটকাৰ কিলি পলে ভাৰতীয় গীতত ভিডিঅ ভাইৰেল কৰোৱাৰ পদক্ষেপক শলাগি প্ৰদান কৰিছে এই মন্তব্য।
সামাজিক মাধ্যমত প্ৰায় প্ৰতিদিনেই ভাইৰেল হয় কিলিৰ ভিডিঅ। দিনদিয়েক পূৰ্বে আন্তৰ্জাতিক স্তৰত ভাৰতীয় সংস্কৃতিক তুলি ধৰাৰ বাবেই কিলিক জনোৱা হৈছে বিশেষ সন্মান। কিলিয়ে লাভ কৰা সন্মানৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাতত’তো স্থান পালে কিলিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, সকলোলৈকে আহ্বান, বিশেষকলৈ কিশোৰ-কিশোৰীসকললৈ এই আহ্বান তোমালোকেও কিলি আৰু নিমাৰ ধৰণেৰে ভাৰতৰ বিভিন্ন ৰাজ্যৰ স্থানীয় ভাষাত ভিডিঅ তৈয়াৰ কৰা। ইয়াৰ ফলত দেশত এক ভাৰত হিচাপে আগুৱাই নিয়াত যথেষ্ট ফলপ্ৰসু হ’ব। প্ৰত্যেকখন ৰাজ্যৰ স্থানীয় ভাষা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক হৈ জিলিকিব। ইয়াৰোপৰি ভাৰতীয় সংগীতৰ প্ৰতি থকা শ্ৰদ্ধা দেখি কিলিক ধন্যবাদো জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইফালে কিলিয়ে সংগীত সাম্ৰাগী লতাজীৰ বিয়োগৰ পিচতেই তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ গীতত নৃত্য কৰাটোৰ লগতে আমাৰ ৰাষ্ট্ৰীয় সংগীতকো সন্মান জনোৱা কাৰ্যৰ বাবে কিলিক কৃতজ্ঞতাও জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।