1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:15 am

ভাৰতীয় ৰে’লৱে কোটি কোটি টকা খৰচ কৰে গুটখাৰ দাগ চাফা কৰিবলৈ

  • Update Time : Monday, June 17, 2024

ভাৰতীয় ৰে’লৱে বিশ্বৰ চতুৰ্থ বৃহত্তম ৰে’ল ব্যৱস্থা। ভাৰতীয় ৰে’লৱেত প্ৰতিদিনে প্ৰায় ২.৫ কোটি যাত্ৰীয়ে যাত্ৰা কৰে। ৰে’লৱে এতিয়া যাত্ৰীসকলক সকলো সা-সুবিধা আগবঢ়াইছে। বৰ্তমান ভাৰতত ৰে’লৰ পৰা ষ্টেচনলৈকে সকলো বহুত ভাল হৈছে। কিন্তু ভাৰতীয় ৰে’লৱেত এতিয়াও এটা সমস্যা আছে। আৰু সেই সমস্যাটো ৰে’লৱেৰ বাবে নহয় বৰঞ্চ ৰে’লৱেত যাত্ৰা কৰা যাত্ৰীসকলৰ বাবেই হৈছে। ৰে’লৱেত গুটখা খোৱাৰ পিছত পিক পেলোৱা আজিও বন্ধ হোৱা নাই। ইয়াৰ বাবেই কেৱল গুটখাৰ দাগ আঁতৰাবলৈ ৰে’লৱে কোটি কোটি টকা খৰচ কৰিব লগা হৈছে।

চিগাৰেট খাই বা মদ খাই ৰে’লত উঠিব নোৱাৰে। কিন্তু ৰেলৱেত পোৱা যায় বহু যাত্ৰীয়ে মুখত গুটকা বা পান লৈ য’তেই মন যায় তাতেই পিক পেলায়। তেওঁলোকৰ ইচ্ছা অনুযায়ীয়ে ৰে’লত পিক পেলাই। গুটখাৰ দাগবোৰ সেই ৰে’ল বা ৰে’ল ষ্টেচনত থাকি যায়। এই দাগবোৰ চাফা কৰাৰ দায়িত্ব ভাৰতীয় ৰেলৱেৰ ওপৰত পৰে। ২০২১ বৰ্ষত ভাৰতীয় ৰেলৱেত যিটো তথ্য দিছে সেই তথ্যই আপোনাক আচৰিত কৰি তুলিব। পৰিসংখ্যা অনুসৰি ৰে’লৱেই ষ্টেচন আৰু ৰে’লৰ গুটখাৰ দাগ আঁতৰাবলৈ প্ৰায় ১২০০ কোটি টকা ব্যয় কৰিছিল।

আনহাতে ভাৰতীয় ৰে’লৱে ৰে’ল বা ৰে’ল ষ্টেচনত গুটখাৰ পিক নেপেলাবলৈ বিভিন্ন বিজ্ঞাপনো প্ৰকাশ কৰিছে। ৰে’ল ষ্টেচনৰ বাহিৰত আৰু ৰে’লত এই বিজ্ঞাপনবোৰ নিশ্চয় আপোনালোকে দেখিছে। ৰে’লৱেও এই বিজ্ঞাপনবোৰৰ বাবে কোটি কোটি টকা খৰচ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme