1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 5:52 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

ভাৰতীয় চিনে জগতৰ বাবে অতি বিশেষ আজিৰ দিনটো?

  • Update Time : Friday, May 3, 2024

৩ মে’ ভাৰতীয় চিনেমা ইতিহাসৰ বাবে অতি গুৰুত্বপূৰ্ণ তাৰিখ। কাৰণ ভাৰতৰ প্ৰথমখন ছবি আজিৰ দিনটোতেই মুক্তি পাইছিল। ৰজা হৰিচন্দ্ৰ। ঠিক ১১১ বছৰ পূৰ্বে আজিৰ দিনটোতেই দাদাছাহেব ফাল্কেৰ প্ৰযোজনা আৰু পৰিচালিত এই ছবিখন ৰাইজৰ আগত দেখুৱাবলৈ আৰম্ভ কৰা হৈছিল। ১৯১১ চনত দাদাছাহেব ফাল্কে বোম্বাইৰ এটা থিয়েটাৰ হলত লাইফ অৱ ক্ৰাইষ্ট নামৰ এখন চিনেমা উপভোগ কৰিছিল। সেই ছবিখন চোৱাৰ পিছতেই দাদাচাহেব ফাল্কেৰ মনত ছবি নিৰ্মাণৰ প্ৰৱল ইচ্ছা জাগ্ৰত হৈছিল। দাদাছাহেব চলচ্চিত্ৰ নিৰ্মাণৰ কৌশল শিকিবলৈ দুসপ্তাহৰ বাবে লণ্ডনলৈ গৈছিল। আৰু তাৰ পৰা উভতি অহাৰ পিছত তেওঁ নিজৰ চলচ্চিত্ৰ কোম্পানী ‘ফালকে ফিল্ম কোম্পানী’ প্ৰতিষ্ঠা কৰে।
দাদাছাহেবে আমেৰিকা, জাৰ্মানী, ফ্ৰান্স আৰু ইংলেণ্ডৰ পৰা সময় অনুসৰি বিভিন্ন ধৰণৰ চিনে সঁজুলি আমদানি কৰিছিল। ইয়াৰ পিছত দাদাছাহেবে ‘অংকুৰাছি বধ’ নামৰ এখন চুটি ছবিৰ শ্বুটিং কৰি বিনিয়োগকাৰীসকলক দেখুৱাইছিল যাতে বিনিয়োগকাৰীসকলে তেওঁৰ প্ৰজেক্টত ধন বিনিয়োগ কৰিবলৈ সাজু হ’ব পাৰে। তাৰ পিছত দাদাছাহেব ফাল্কে শিল্পীৰ সন্ধানত বাতৰি কাকতত বিজ্ঞাপন দিছিল। যিহেতু সেই সময়ত মহিলাসকলে ছবিত কাম কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান আছিল, সেয়েহে ছবিখনৰ বাবে সকলো পুৰুষ অভিনেতাক নিৰ্বাচিত কৰা হৈছিল৷ বোলছবিখনৰ চিত্ৰনাট্য, মেক-আপ, পৰিচালনা, প্ৰডাকচন ডিজাইন, সম্পাদনা আৰু প্ৰচেছিঙৰ দায়িত্ব দাদাছাহেব ফাল্কে নিজেই চম্ভালিছিল। প্ৰায় ছমাহত ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম সম্পূৰ্ণ হৈছিল। অৱশেষত এই ছবিখনৰ প্ৰথম প্ৰিমিয়াৰ শ্ব’ ১৯১৩ চনৰ ২১ এপ্ৰিলত সেই সময়ৰ বম্বেৰ ( আজিৰ মুম্বাই) অলিম্পিয়া থিয়েটাৰত প্ৰদৰ্শন কৰা হৈছিল। তাৰ পিছত ১৯১৩ চনৰ ০৩ মে’ত অৰ্থাৎ আজিৰ দিনটোতেই গিৰগামৰ ক’ৰ’নেচন হলত আনুষ্ঠানিকভাৱে ছবিখনে মুক্তি লাভ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme