1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 11:52 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

ভাৰতত নিৰ্মাণ দ্বিতীয়টো তাজমহল…

  • Update Time : Monday, November 22, 2021

ডিজিটেল ডেস্কঃ তাজমহলৰ প্ৰতি কাৰণো আকৰ্ষণ নাই৷ প্ৰত্যেকগৰাকী লোকেই পত্নীৰ নামৰ তাজমহল নিৰ্মাণ কৰিব নোৱাৰিলেও তাজমহল দিয়াৰ হাবিয়াস পুহি ৰাখে মনত৷ একেই হাবিয়াস আছিল মধ্যপ্ৰদেশৰ এজন বাসিন্দাৰো৷ ছাহজাহানৰ এই সৃষ্টিয়ে তেওঁক সদায়ে আকৰ্ষিত কৰিছিল যাৰ বাবে ব্যক্তিজনে লৈ পেলালে বিশেষ পদক্ষেপ৷ মধ্যপ্ৰদেশৰ এই ব্যক্তিজনেও তেওঁৰ পত্নীলৈ বুলি উপহাৰস্বৰূপে আগবঢ়াইছে তাজমহলৰ প্ৰতিকৃতিৰেই এটা অট্টালিকা৷

পত্নীক এটা বিলাসী ঘৰ উপহাৰ দিয়া ধাৰণাটোৰ আঁৰত থকা ব্যক্তি আনন্দ চৌকচ তাজমহলৰ প্ৰতি ইমানেই আকৰ্ষিত আছিল যে তেওঁ নিজকে প্ৰশ্ন কৰিছিল কিয় তাজমহল মধ্যপ্ৰদেশত নিৰ্মাণ নহ’ল! আনন্দে শেষত নিজে থকা বাসগৃহটোকে তাজমহলৰ আকৃতিৰে নিৰ্মাণ কৰাৰ সিদ্ধান্ত ল’লে৷ ৪ কোঠালীয়া ঘৰটোক আনন্দে সম্পূৰ্ণ তাজমহলৰ আৰ্হিৰে তৈয়াৰ কৰাত লাগি পৰিল৷

পৃথিৱীৰ সপ্ত আশ্বৰ্যৰ ভিতৰত স্থান লাভ কৰা তাজমহলৰ আৰ্হিৰ ঘৰটো নিৰ্মাণৰ আৰ্হি তৈয়াৰ কৰোতেই প্ৰায় তিনিবছৰ সময় লাগিছিল৷ ইয়াক নিৰ্মাণ কৰোতেও বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল নিৰ্মাণকাৰী দলটো৷ নিৰ্মাণ প্ৰক্ৰিয়াৰ সময়ত, বুৰহানপুৰৰ বাসিন্দাজনে ঘৰৰ ভিতৰৰ কাৰুকাৰ্যৰ বাবে বংগ আৰু ইন্দোৰৰ শিল্পীৰ পৰাও সহায় লৈছিল৷ লোকজনে নিৰ্মাণ কৰা ঘৰটোৰ গম্বুজটো ২৯ ফুট উচ্চতাত আছে আনকি তাজমহলসদৃশ টাৱাৰও আছে। ইয়াৰ উপৰিও, তাজমহল আকৃতিৰ ঘৰটোৰ মজিয়া ৰাজস্থানৰ ‘মকৰানা’ৰ পৰা তৈয়াৰ কৰা হৈছে, আনহাতে আচবাববোৰ প্ৰস্তুত কৰিছে মুম্বাইৰ শিল্পীয়ে৷

উল্লেখ্য যে, ঘৰটোত তলৰ মহলাত দুটা শোৱনি কোঠা, ওপৰৰ মহলাতো দুটা শোৱনি কোঠা, এটা পুথিভঁৰাল আৰু এটা ধ্যান কোঠা আছে। আনকি ঘৰটোৰ তৈয়াৰত ব্যৱহাৰ কৰা সামগ্ৰীও তাজমহলৰ দৰেই৷ আন্ধাৰতো তাজমহলৰ দৰেই জিলিকি থাকে বাসগৃহটো৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme