1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 3:33 pm

ভগৱান গণেশৰ বাবেই গুৱাহাটী আৰু গুৱাহাটীবাসীৰ নহয়, একো অনিষ্ট

  • Update Time : Tuesday, February 20, 2024

গুৱাহাটী, ভাৰতৰ অসম ৰাজ্যৰ এখন মহানগৰ। গুৱাহাটীক প্ৰাচীন কালত ‘প্ৰাগজ্যোতিষপুৰ’ নামেৰে জনা গৈছিল। ই উত্তৰ-পূব ভাৰতৰ বৃহত্তম মেট্ৰ’প’লিটান চহৰ হোৱাৰ লগতে কলকাতা, পাটনাৰ পিছত পূব ভাৰতৰ তৃতীয় বৃহৎ নগৰ। গুৱাহাটীক উত্তৰ-পূব ভাৰতৰ ‘প্ৰৱেশদ্বাৰ’ বুলিও কোৱা হয়। গুৱাহাটীৰ চাৰিসীমালৈ চালেই আপুনি দেখিবলৈ পাব বহু গণেশ মন্দিৰ ৷
গুৱাহাটীলৈ সোমাব পৰা বহু পথৰ দাতিঁত যেন দ্বাৰপাল ৰূপে আছে ভগৱান গণেশ৷ সেই পথসমূহেৰে গুৱাহাটীলৈ যাত্ৰা কৰিলেই লৈ যাব পাৰে গণেশ বাবাৰ আশিষ৷ লক্ষণীয়া বিষয় এয়ে যে গুৱাহাটীলৈ প্ৰৱেশ কৰিব পৰা প্ৰতিটো পথত দ্বাৰপাল হিচাপে আছে বাবা গণেশৰ মন্দিৰ৷ উদাহৰণ স্বৰূপে হাজো হৈ গুৱাহাটী সোমাব পৰা পথছোৱাৰ আজ্ঞাথুৰিত আছে গণেশ মন্দিৰ আনহাতে যোৰাবাট হৈ গুৱাহাটী সোমাব পৰা পথছোৱাৰ যোৰাবাটত আছে গণেশ মন্দিৰ একেদৰে
চন্দ্ৰপুুৰ হৈ গুৱাহাটী সোমাব পৰা পথছোৱাৰ হাতীশিলাত আৰু জালুকবাৰী হৈ গুৱাহাটী সোমাব পৰা পথছোৱাৰ লংকেশ্বৰৰ লগতে ৰাণী-দীপৰ বিল হৈ গুৱাহাটী সোমাব পৰা পথছোৱাৰ ডাকিনী পাহাৰৰ নামনিতো আছে গণেশ মন্দিৰ৷ আনহে নালাগে মা কামাখ্যাৰ মন্দিৰলৈ যাওতেও নীলাচলৰ দাতিত দ্বাৰপাল হিচাপে আছে বাবা গণেশৰ মন্দিৰ৷ সেয়ে প্ৰবাদ অনুসৰি গুৱাহাটীবাসীক ৰক্ষা কৰি আছে বাবা গণেশে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme