1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 10, 2025, 12:02 am

বৰষুণৰ পানীৰ বাবে কৰ প্ৰৱৰ্তনৰ পৰিকল্পনা!

  • Update Time : Friday, March 29, 2024

এইবাৰ বৰষুণৰ পানীৰ বাবেও ভৰিব লাগিব টেক্স৷ হয়! এইবাৰ কানাডাত অহা মাহত বৰষুণৰ কৰ প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা হৈছে৷ কানাডাৰ টৰন্টো চহৰে ধুমুহাৰ পানী ব্যৱস্থাপনাৰ সমস্যা সমাধানৰ লক্ষ্যৰে নতুন ধৰণৰ কৰ ৰূপায়ণৰ কথা চিন্তা কৰিছে৷
টৰেন্টো চহৰৰ অফিচিয়েল ৱেবচাইটত কোৱা হৈছে যে,‘চৰকাৰে পানী ব্যৱহাৰকাৰী আৰু আগ্ৰহী পক্ষৰ সহযোগত বৰষুণৰ পানী ব্যৱস্থাপনাৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে ‘ষ্টমৱাৰ্টাৰ চাৰ্জ এণ্ড ৱাটাৰ চাৰ্ভিচ চাৰ্জ কনচালটেচন’ কাৰ্যসূটী প্ৰক্ৰিয়াকৰণ
কৰি আছে, যাক সাধাৰণতে ‘বৰষুণৰ কৰ’ বুলি কোৱা হয়৷ প্ৰায় বহু ক্ষেত্ৰতে কৰ ভৰিব লগা নিয়ম সকলোৱে পাই আহিছে কিন্তু বৰষুণক কৰ জানো শুনিছে? এইবাৰ কানাডাত কৰিছে এই ব্যৱস্থা৷ অহা মাহৰ পৰা ভৰিব লাগিব ‘বৰষুণৰ কৰ’৷
কানাডাৰ টৰন্টো চৰকাৰৰ অফিচিয়েল ৱেবচাইট অনুসৰি পৌৰসভা কৰ্তৃপক্ষই এই ‘বৰষুণ কৰ’ প্ৰৱৰ্তনৰ কথা চিন্তা কৰিছে, যিটো এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী কৰাৰ কথা৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme