1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:48 am

ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু খহনীয়াৰ হ’ব স্থায়ী সমাধান, বিভাগীয় অভিযন্তাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক…

  • Update Time : Wednesday, February 2, 2022

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে দিছপুৰ জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত বিভাগীয় বিষয়া তথা অভিযন্তাসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ গ্ৰহণ কৰে। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এচ. আব্বাচী আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত মন্ত্ৰী পীযুষ হাজৰিকাই ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাকেইখনৰ অভিযন্তাসকলৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু খহনীয়া সম্পৰ্কেও বুজ লয়। বিশেষভাৱে বৈঠকত অসম বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ (ফ্ৰেমা)ৰ দ্বাৰা ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে ৰূপায়ণ হ’বলগা আঁচনিসমূহৰ বিষয়ে বিষদভাৱে আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ (ফ্ৰেমা)ৰ দ্বাৰা ৰূপায়িত হ’বলগা আঁচনিসমূহৰ ক্ষেত্ৰত জলসম্পদ বিভাগৰ ইতিমধ্যে থকা আঁচনিৰ সৈতে যাতে উপৰা-উপৰি নহয় সেই সংক্ৰান্তত বিশেষ মনোযোগ দিবলৈ নিৰ্দেশনা দিয়ে।

আনহাতে বৈঠকতে মন্ত্ৰী পীযুষ হাজৰিকাই বিভাগীয় অভিযন্তাসকলক বৰ্তমান বিভাগৰ চলি থকা কামসমূহৰ ক্ষেত্ৰত গুৰুত্ব দি ঠিকাদাৰে কৰি থকা কামসমূহ প্ৰত্যক্ষভাৱে তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে বাৰিষাৰ সময়ত বিভাগীয় ততপৰতাৰে বহুখিনি বান নিয়ন্ত্ৰণ কৰাৰ কথা উল্লেখ কৰে। লগতে আগন্তক বাৰিষাৰ বাবেও সকলোকে আগতীয়াকৈ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। বিশেষকৈ পাৰ্কুপাইন, জিঅ’ বেগ আদি জৰুৰীকালীন সময়ত প্ৰয়োজন হ’বলগা সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰয়োজনীয় প্ৰশাসনীয় কাম সোনকালে সমাপ্ত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। এপ্ৰিল মাহৰ শেষৰ সপ্তাহৰ ভিতৰত জৰুৰীকালীন সময়ত প্ৰয়োজন হ’বলগা সামগ্ৰীসমূহ জিলাসমূহলৈ বিতৰণ কৰিবৰ বাবেও নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme