1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 9:42 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

ব্যতিক্ৰমী বিয়া! দৰা আহিল এম্বুলেঞ্চত, কিন্তু কিয়?

  • Update Time : Thursday, March 3, 2022

ডিজিটেল ডেস্কঃ এখন ব্যতিক্ৰমী বিবাহ, সমগ্ৰ দেশতে এতিয়া চৰ্চা লাভ কৰিছে এই বিবাহে৷ সাধাৰণতে দৰাই কইনা আনিবলৈ গাড়ী, ঘোঁৰা বা হাতীত উঠি যায়, কিন্তু কেতিয়াবা দৰাই কইনা আনিবলৈ এম্বুলেন্সত যোৱা শুনিছেনে? হয়টো নাইশুনা ,মুঠতে দৰাই বিয়া পাতিবই, কইনাক নিবলৈ এম্বুলেন্সেৰে আহিল দৰা, হোমৰ গুৰিলৈ আহিল ষ্ট্ৰেচ্ছাৰত উঠি, দৰা জন হৈছে ৰাহুল৷ ৰাজস্থানৰ উদয়পুৰত সম্পন্ন এই বিয়া, এইখন বিয়াই এতিয়া বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে সমাজিক মাধ্যমত৷

বিয়ালৈ আছিল মাত্ৰ ৫দিন আছিল, বিয়াৰ ৫দিন পূৰ্বে এক দুৰ্ঘটনাত পতিত হয় আহত হয় দৰা ৰাহুল কাটাৰিয়া। দুৰ্ঘটনাত তেওঁৰ ভৰি ভাঙিছিল আৰু তাৰপাছত ভৰিত প্লাষ্টাৰ বান্ধি দিয়া হৈছিল ৰাহুলক৷ ৰাহুলৰ ভৰিত সুমুৱাই দিয়া হ’ল এডাল ৰ’ড, ৰাহুলক বিচনাত থাকিবলৈ পৰামৰ্শ দিয়া হৈছিল৷ এনে পৰিস্থিতিত কোনেও বিয়া পতাৰ কথা ভাবিবও নোৱাৰে, কিন্তু ৰাহুল কাটাৰিয়াই নিৰ্দিষ্ট তাৰিখতে বিয়া পতাৰ সিদ্ধান্ত লয়৷ বিয়াৰ বাবে সুন্দৰকৈ সকলো পৰিকল্পনা আৰু আয়োজন কৰাৰ পাছত বিয়া পিছুৱাই দিবলৈ মন নকৰিলে ৰাহুলে৷ ৰাহুলৰ সিদ্ধান্তক দুয়োঘৰৰ পৰিয়ালে সমৰ্থন জনালে৷ কইনা ৰিতিকা নাথানীয়েও নিৰ্দিষ্ট তাৰিখতে বিয়া পাতিবলৈ সহমত প্ৰকাশ কৰিলে, তাৰ পাছতেই দৰা হৈ ৰাহুল কাটাৰিয়া এম্বুলেন্সেৰে উপস্থিত হ’ল বিবাহস্থলীত উপস্থিত৷ এই ব্যতিক্ৰমী বিবাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বৰ্তমান সময়ত৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme