বজালী কাতলা গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা৷ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতিৰ বাবে লিংগ হেৰুৱালে দেওৰেকে। নিজ বৌৱেকৰ সৈতে গোপন সম্পৰ্ক ৰাখি অৱশেষত ছাইফুল ইছলাম নামৰ যুৱকজনৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা৷ বাক্সাৰ গোলাপ নাথে প্ৰেৰণ কৰা খবৰ অনুসৰি,
কেইবা বছৰ ধৰি দেউৰেকৰ সৈতে অবৈধ সম্পৰ্ক আছিল বৌৱেক মালেকা খাতুনৰ। ককায়েক ঘৰত নথকাৰ সুযোগ লৈ সদায় বৌৱেকৰ সৈতে শাৰিৰীক সম্পৰ্ক ৰাখিছিল দেওৰেক ছাইফুল ইছলামে। অৱশেষত দেওৰেকক বিবাহৰ প্ৰস্তাৱ দিলে বৌৱেকে। পিছে তাতেই লাগিল অথন্তৰ৷ বৌৱেকৰ বিবাহ প্ৰস্তাৱ অস্বীকাৰ কৰাত দেওৰেকৰ গুপ্তাংগ কাটিলে বৌৱেকে। ছাইফুল ইছলাম নামৰ যুৱকজনক অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে ঘটনা সংঘটিত কৰা অভিযুক্ত মহিলা গৰাকীক আটক কৰি ভবানীপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।