1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 12:14 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

বেৰিষ্টাৰ চি শংকৰণ নায়াৰৰ ভূমিকাত খিলাড়ী

  • Update Time : Friday, October 18, 2024

অক্ষয় কুমাৰ আৰু কৰণ জোহৰে ছচিয়েল মিডিয়াত ঘোষণা কৰিলে তেওঁলোকৰ নতুন প্ৰজেক্ট। ছবিখনত বেৰিষ্টাৰৰ চৰিত্ৰত অভিনয় কৰিব অক্ষয় কুমাৰে৷ জালিয়ানৱালা বাগ কাণ্ডৰ আধাৰত নিৰ্মিত হব ছবিখন৷ শুকুৰবাৰে নিৰ্মাতাসকলে শিৰোনামহীন ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে৷ ছবিখনৰ পৰিচালনা কৰিব কৰণ সিং ত্যাগীয়ে৷ য’ত অক্ষয় কুমাৰ, আৰ. মাধৱন আৰু অনন্যা পাণ্ডেক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব। বাস্তৱ ঘটনাৰ পৰা অনুপ্ৰাণিত আৰু ৰঘু পলাট আৰু পুষ্পা পালটৰ ‘The Case That Shook the Empire’ নামৰ গ্ৰন্থখনৰ আধাৰত নিৰ্মিত ছবিখন হব এই ছবিখন৷ বৃটিছ আমোলৰ জালিয়ানৱালাবাগ কাণ্ডৰ সময়ত পঞ্জাৱৰ লেফটেনেণ্ট গৱৰ্ণৰ মাইকেল অ’ডৱায়াৰে ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ প্ৰাক্তন সদস্য চেত্তুৰ শংকৰন নাইৰৰ বিৰুদ্ধে আৰম্ভ কৰা মানহানিৰ গোচৰটোক কেন্দ্ৰ কৰিয়েই মুলত নিৰ্মাণ হ’ব বোলছবিখন। চি শংকৰন নাইৰ আছিল এগৰাকী ভাৰতীয় অধিবক্তা, ৰাজনীতিবিদ আৰু সমাজ সংস্কাৰক, যিয়ে দেশৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কৰণ সিং ত্যাগীৰ পৰিচালিত আগন্তুক ক’ৰ্ট ৰূম-ড্ৰামাত অক্ষয় কুমাৰৰ চৰিত্ৰটো ওপৰতেই অধিক গুৰুত্ব আৰোপ কৰা হৈছে, কাৰণ পিৰিয়ড ছবিখনত এজন অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰিব অক্ষয় কুমাৰে। ইতিমধ্যে কৰণ জোহৰৰ ধৰ্ম প্ৰডাকচনে ইনষ্টাগ্ৰামত এটা পোষ্টাৰ শ্বেয়াৰ কৰি কেপচনত লিখিছে, এটা অকথিত কাহিনী, এটা অশুনা সত্য। ২০২৫ চনৰ ১৪ মাৰ্চত ছবিগৃহত মুক্তি পাব বোলছবিখনে। ধৰ্ম প্ৰডাকচনে শ্বেয়াৰ কৰা পোষ্টাৰখনত লিখা আছে ভাৰতৰ শীৰ্ষ বেৰিষ্টাৰ চি শংকৰণ নায়াৰক ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে যুঁজিবলৈ অনুপ্ৰাণিত কৰা আৰু জালিৱানাৱালাবাগ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ ঢাকি ৰখাৰ ওপৰত নিৰ্মাণ হব শিৰোনামহীন ছবিখন।কৰণ জোহৰ আৰু অপূৰ্ব মেহতাৰ ধৰ্মা প্ৰডাকচন, অক্ষয় কুমাৰৰ হোম প্ৰডাকচন কেপ অফ গুড ফিল্মছ আৰু লিঅ’ মিডিয়া কালেকটিভৰ পুঁজিৰে নিৰ্মাণ হ’ব এই ছবিখন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme