1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:05 am

বেংগালুৰু আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱাৰ “চেমখৰ”লৈ শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান

  • Update Time : Friday, March 11, 2022

ডিজিটেল ডেস্কঃ একাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বঁটা প্ৰাপ্তিৰে ইতিমধ্যে বিশ্বজুৰি জিলিকি উঠা আইমী বৰুৱাৰ বহুল সমাদৃত ছবি “চেমখৰ” য়ে পুনৰ বুটলিবলৈ সক্ষম হ’ল আন এক অতি মৰ্যদাসম্পন্ন আন্ত:ৰাষ্ট্ৰীয় সন্মান।
বেংগালুৰু আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাজ্যৰ জনপ্ৰিয় অভিনেত্ৰী তথা ছবি নিৰ্মাতা আইমী বৰুৱাৰ “চেমখৰ” য়ে চিত্ৰভাৰতী শিতানত “শ্ৰেষ্ঠ ভাৰতীয় ছবি” হিচাপে নিৰ্বাচিত হয়। বেংগালুৰুত অনুষ্ঠিত এই মহোৎসৱত আজি কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলটৰ পৰা আনুষ্ঠানিকভাবে এই সন্মান গ্ৰহণ কৰে “চেমখৰ”ৰ নিৰ্মাতা আইমী বৰুৱাই। দেশৰ ছবি জগতৰ এনে এক ঈৰ্ষনীয় বঁটা লাভ কৰি স্বাভাবিকতে উৎফুল্লিত হৈ পৰিছে ছবি নিৰ্মাতা আইমী বৰুৱা।
বঁটা গ্ৰহণ কৰি আইমী বৰুৱাই কয় যে দেশৰ প্ৰতিগৰাকী চলচ্চিত্ৰ নিৰ্মাতাই প্ৰতিটো ক্ষণতে এনেধৰণৰ আগশাৰীৰ আন্ত:ৰাষ্ট্ৰীয় মহোৎসৱত বঁটা প্ৰাপ্তিৰ বাবে সপোন পুহি ৰাখে। সেয়েহে এনে এক সন্মান লাভ কৰাৰ পাছত মোৰ অনুভব প্ৰকাশ কৰিবলৈ মই আজি ভাষা বিচাৰি পোৱা নাই। এনে সন্মান প্ৰাপ্তিৰ বাবে মই বিশেষকৈ জুৰি, মহোৎসৱৰ আয়োজক,চেমখৰৰ কলা-কুশলী আৰু প্ৰতিগৰাকী শুভাকাংক্ষীলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলো। কাৰ্যত: আইমী বৰুৱাৰ এই সাফল্য ৰাজ্যৰ চলচ্চিত্ৰ জগতখনৰ বাবেই এক শুভ সংবাদ হিচাপে বিবেচিত হৈছে। ইপিনে একেটা মহোৎসৱত অসমৰ আন দুখন ছবি “ব্ৰীজ” আৰু “গড অন দ্য বেলকনি” য়েও ভিন্ন শিতানত বঁটা পাবলৈ সক্ষম হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme