ডিজিটেল ডেস্কঃ আপোনালোকে হয়তো বিভিন্ন ডকাইতিৰ ঘটনা শুনিছে বা বিভিন্ন ছবিত দেখিছে। কিন্তু আজিৰ এই ঘটনা শুনিলে আপুনি আচৰিত হ’ব। বিশ্বাস নকৰিলেও ঘটনাটো সত্য। এক ডলাৰৰ বাবে এগৰাকী ব্যত্তিয়ে সংঘটিত কৰে ডকাইতিৰ কাণ্ড (এক ডলাৰ ভাৰতীয় মূল্যত ৭৫ টকা)। উত্তৰ কেৰোলিনাৰ গেষ্টনিয়াৰ বাসিন্দা জেমছ ভাৰ্নন। জেমছ ভাৰ্ননে ১৭ বছৰ ধৰি এটা ব্যক্তিগত কোম্পানীৰ ডেলিভাৰী বয় হিচাপে কৰ্মৰত আছিল আৰু পিছৰ পৰ্যায়ত চাকৰিটো হেৰুৱাব লগা হৈছিল। চাকৰি হেৰুৱাই ৫৯ বছৰীয়া জেমছৰ প্ৰতিদিনে শৰীৰৰ অৱনতি হ’বলৈ ধৰে, কাৰণ তেওঁৰ শৰীৰত বিষ বেমাৰে আগুৰি ধৰিছিল। চিকিৎসাৰ অভাৱত তেওঁ বেংক ডকাইতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ২০১১ চনৰ ৯ জুন তাৰিখে জেমছে এটা বেংকৰ ভিতৰলৈ প্ৰৱেশ কৰে আৰু মেনেজাৰৰ ওচৰত গৈ এখন পত্ৰ দিয়ে, য’ত লিখা আছে “মই বেংক ডকাইতি কৰিবলৈ আহিছো। মোক মাত্ৰ এক ডলাৰ দিয়ক। তেওঁ সেই এক ডলাৰ লৈ বেংকৰ এটা কোণত বহি লয় আৰু এগৰাকী বেংক কৰ্মচাৰীক জনায় , “মই এই কোণত চুপচাপ বহি থাকিম আৰু আৰক্ষী অহালৈ অপেক্ষা কৰিম। ”
ডকাইতি কৰিবলৈ যোৱাৰ আগমূহুৰ্তত জেমছে স্থানীয় সংবাদ মাধ্যমলৈ এখন পত্ৰও প্ৰেৰণ কৰে। তেওঁ তাত লিখিছে, “আপোনালোকে এই পত্ৰখন পোৱালৈকে, মই বেংক ডকাইতি কৰিম। কিন্তু মই কেৱল এক ডলাৰৰ বিনিময়ত এই ডকাইতি কৰিবলৈ গৈ আছো। মোৰ মানসিক অৱস্থা একেবাৰে ভাল। কিন্তু মোৰ শাৰীৰিক অৱস্থা ভাল নহয়। যাৰ বাবে মই এই সিদ্ধান্ত গ্ৰহণ কৰিছো৷
জেমছক আদালতত হাজিৰ কৰাৰ সময়ত বিচাৰকজনে তেওঁৰ কাৰ্য্যক ডকাইতি বুলি মানি ল’বলৈ অস্বীকাৰ কৰে। তেওঁক বিচাৰকজনে আন ব্যক্তিৰ পৰা এক ডলাৰ চুৰি কৰাৰ অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। কিন্তু সকলোৰে মনত মাত্ৰ এটাই প্ৰশ্ন, শাৰীৰিকভাৱে অসুস্থ মানুহজনে কেৱল এক ডলাৰৰ বিনিময়ত ডকাইতি কৰিবলৈ কিয় গৈছে? সেই সময়ত, আমেৰিকাত এক ডলাৰৰ বাবে তেওঁৰ কোনো চিকিৎসা নাই৷
তেওঁ নিজেই এজন স্থানীয় সাংবাদিকক জনায় যে, তেওঁৰ মূল লক্ষ্য ডকাইতি নহয়। কেৱল কাৰাগাৰত প্ৰৱেশ কৰাৰ বাবেহে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন অনুসৰি, যদি এজন কয়ডি অসুস্থ হয়, তেন্তে তেওঁৰ সকলো চিকিৎসাৰ দায়িত্ব কাৰাগাৰ কৰ্তৃপক্ষই গ্ৰহণ কৰে। গতিকে তেওঁ নিজৰ চিকিৎসাৰ বাবে কাৰাগাৰলৈ যোৱাৰ সিদ্ধান্ত লয়। জেমছে নিজৰ সিদ্ধান্তত সফল হয় আৰু কাৰাগাৰত প্ৰৱেশ কৰাৰ পিছত কাৰাগাৰ কৰ্তৃপক্ষই তেওঁৰ বাবে সকলো চিকিৎসাৰ সুবিধাৰ লগতে এগৰাকী নাৰ্ছ আৰু এজন চিকিৎসকৰ ব্যৱস্থা কৰি দিয়ে।