1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 5:34 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

বৃক্ষৰোপণ নিচা, ১১ লাখ গছপুলি ৰুই ভাইৰেল জয়ৰাম

  • Update Time : Monday, December 13, 2021

ডিজিটেল ডেস্কঃ বৃক্ষৰোপণ নিচা, ৪০ বছৰত ১১ লাখ গছপুলি ৰোৱা মানুহজন জয়ৰাম ৰামপ্ৰসাদ এজন খেতিয়ক। খেতিয়কৰ প্ৰধান কামেই বৃক্ষৰোপণ কিন্তু জয়ৰাম খেতিয়ক যদিও তেওঁৰ বাবে গছ পুলি ৰোৱাটো এক নিচাহে। সচৰাছৰ অন্য মানুহৰ গাত নথকা এটা নিচা। কেনেকৈ জয়ৰামৰ মনত জন্ম হৈছিল এই নিচাৰ? ককাকৰ হাতত ধৰি ঘূৰি ফুৰাৰ বয়সৰ পৰাই জয়ৰামে বাটৰ কাষত খালী ঠাই দেখিলেই সেই স্থানত গছপুলি এটা খুচি থৈ গৈছিল।

এনেকৈ ৰুই থোৱা গছপুলিটো বাঢ়ি অহা দেখিলে মন ভৰি পৰিছিল জয়ৰামৰ। প্ৰায় ১৬ বছৰ বয়সত ককাকক হেৰুৱাই জয়ৰামে। ককাকৰ মৃত্যুৱে যেন জয়ৰামক দি গ’ল জীৱনৰ উদ্দেশ্য। ককাকৰ স্মৃতিত এঘাৰ জোপা গছ ৰুবলৈ কোৱাটোৱে জয়ৰামক দিলে জীৱনৰ উদ্দেশ্য । সেই দিনটোৰ পৰাই আৰম্ভ কৰি জয়ৰামে বৰ্তমান পৰ্যন্ত ১১ লাখ গছ ৰোপণ কৰিছে। সেই ১৬ বছৰীয়া কণমানি জয়ৰাম এতিয়া ৫৬ বছৰীয়া আদহীয়া এজন লোক। মধ্যপ্ৰদেশৰ শেওপুৰ জিলাৰ বাসন্দ গ্ৰামৰ বাসিন্দা জয়ৰামে সমগ্ৰ জিলাখনকে সেউজ কৰি তোলা বিষয়টো সকলোৰে দৃষ্টিগোচৰ হোৱাটোৱে আনন্দিত কৰি তুলিছে জয়ৰামক। ৰাজহুৱা বাট-পথ, মন্দিৰ প্ৰাঙ্গন, বিদ্যালয় চৌহদ আদিকে ধৰি প্ৰায়সমূহ মুকলি অঞ্চলতে গছপুলি ৰোপন কৰিছে জয়ৰামে।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme