1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 12:54 pm

বুলেট পাওক-নাপাওক ভাগিনে স্কুটি পাবই…

  • Update Time : Wednesday, March 16, 2022

ডিজিটেল ডেস্কঃ ২০২২-২৩ ৰ বাজেটত শিক্ষাৰ্থী সকলৰ বাবে আছে সু-খবৰ৷ প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব বহু সা-সুবিধা৷ বিগত দুটা বছৰৰ অধিক সময়ে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল। তেনে ক্ষেত্ৰত ক’ভিড-১৯ ৰ ফলত শৈক্ষিক ক্ষেত্ৰখনত হোৱা ক্ষতি পূৰণৰ বাবে বিশেষ সিদ্ধান্ত লোৱা হৈছে বাজেটত৷

বাজেটত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ স্কুটাৰ প্ৰদানৰ বাবে সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰোপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়েও আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব৷ এই বঁটাত পূৰ্বৰ ধাৰাৰেই থাকিব কম্পিউটাৰ৷ আনহাতে স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰীসকলে প্ৰতিবছৰে যাতায়তৰ বাবে অনুদান হিচাপে লাভ কৰিব ১০,০০০ টকা।

স্নাতক শ্রেণীৰ ছাত্র-ছাত্রীসকলে বিনামূলীয়া পাঠ্যপুথি আৰু পাঠ্যপুথি কিনাৰ বাবদ লাভ কৰিব সাহায্য৷ স্নাতক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, পলিটেকনিক মহাবিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলে প্রতিমাহে পৰিশোধ কৰা হোষ্টেলৰ মাচুলৰ ২০০০ টকালৈকে ৰেহাই প্ৰদানৰো সিদ্ধান্ত বাজেটত৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো ছাত্ৰ-ছাত্ৰীলৈ নামভৰ্তিৰ মাচুল ৰেহাই। ‘অভিনন্দন আঁচনি’ৰ অধীনত শিক্ষা লাভৰ বাবে উপলব্ধ থাকিব ঋণ সাহায্যও।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme